নতুন দিল্লীৰ পৰা চ্যুত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংবাদ মাধ্যমৰ সৈতে লাইভ বাৰ্তালাপ কৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাংলাদেশ চৰকাৰে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্টভাৱে কৈছে যে এই কাৰ্যই বাংলাদেশৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষভাৱে আঘাত হানিছে আৰু ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ প্ৰয়াসক ক্ষতিগ্ৰস্ত কৰিছে।
যোৱা বুধবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক কঠোৰ বাৰ্তাত কয় যে দেশখনে পূৰ্বতেই ভাৰত চৰকাৰক এই অনুষ্ঠানৰ সম্ভাব্য নেতিবাচক প্ৰভাৱ সম্পৰ্কে অৱগত কৰিছিল। তাৰ পিছতো এই অনুষ্ঠান অনুষ্ঠিত হ'বলৈ দিয়া কাৰ্যক লৈ ঢাকাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে। জুলাই বিপ্লৱৰ দ্বিতীয় বাৰ্ষিকীত ভাৰতীয় ভূমিত হাছিনাৰ এই সংবাদ সন্মিলনক শ্বহীদসকলৰ প্ৰতি এক মৰ্মান্তিক অপমান বুলি অভিহিত কৰিছে বাংলাদেশ চৰকাৰে।
উল্লেখ্য যে ২০২৪ চনৰ জুলাই-আগষ্ট মাহত হোৱা গণ-আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাক লৈ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্যসমূহক অস্বীকাৰ কৰাটো ইতিহাস সলনি কৰাৰ এক বৃথা প্ৰয়াস বুলি উল্লেখ কৰে বৈদেশিক মন্ত্ৰালয়ে। বাংলাদেশৰ জনসাধাৰণে ফাচীৱাদৰ দিনলৈ কেতিয়াও উভতি নাযোৱাৰ দৃঢ় সংকল্প লৈছে বুলিও বাৰ্তাত স্পষ্ট কৰি দিয়া হয়।
ইফালে, নতুন দিল্লীৰ পৰা ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এই বাৰ্তালাপত শ্বেইখ হাছিনাই অহা ডিচেম্বৰ মাহত নিজ দেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ কয় যে দেশৰ জনসাধাৰণৰ দুৰ্দশাৰ সময়ত তেওঁ বহিঃৰাজ্যত বহি থাকিব নোৱাৰে আৰু যিয়েই নহওক কিয় তেওঁ স্বভূমিত উভতি যাবলৈ সাজু আছে।
যিহেতু ২০২৩ চনৰ বন্দী প্ৰত্যাৱৰ্তন চুক্তিৰ অধীনত হাছিনাক উভতাই পঠোৱাৰ বাবে বাংলাদেশৰ তৰফৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱা হৈছে, তেনেস্থলত তেওঁক মুকলিকৈ সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সুযোগ দিয়াটো জনসাধাৰণৰ আৱেগৰ বিপৰীত বুলি মন্তব্য কৰিছে ঢাকায়ে।