ঢাকা: স্বাস্থ্যজনিত গুৰুতৰ কাৰণ আৰু শাৰীৰিক অসুস্থতাৰ অজুহাত দেখুৱাই কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ দুবছৰ পূր্বেই পদত্যাগ কৰিছে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ সাহাবুদ্দিন। ৭৬ বছৰীয়া এই শীৰ্ষ নেতাগৰাকীয়ে শুকুৰবাৰে (২৪ জুলাই) সংসদৰ স্পীকাৰ হাফিজ উদ্দিন আহমেদৰ ওচৰত নিজৰ স্বাক্ষৰিত পদত্যাগ পত্ৰ দাখিল কৰে। বঙ্গভৱনৰ ফালৰ পৰা এক আনুষ্ঠানিক বিবৃত্তিমূলক ঘোষণাৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হয়।

পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতি সাহাবুদ্দিনে উল্লেখ কৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি হৃদৰোগ, উচ্চ ৰক্তচাপ, ডায়বেটিছ আৰু কিডনীৰ নানা জতিলতাত ভুগি আহিছে। ইয়াৰোপৰি শেহতীয়াকৈ কৰা চিকিৎসা পৰীক্ষাত তেওঁৰ দেহত 'অটোনমিক নিউৰ'প্যাথী' (Autonomic Neuropathy) নামৰ এক বিৰল ৰোগ ধৰা পৰে। এই ৰোগৰ বাবে তেওঁ মাজতে ক্ষন্তেক সময়ৰ বাবে জ্ঞানশূণ্য হৈ পৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হয়। শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ নোহোৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদৰ দায়িত্ব পালন কৰা তেওঁৰ পক্ষে অসম্ভৱ হৈ পৰিছে বুলি তেওঁ পত্ৰখনত স্পষ্ট কৰি দিয়ে।

সংবিধানৰ ৫০(৩) অনুচ্ছেদ অনুসৰি তেওঁ নিজৰ পদৰ পৰা অব্যাহতি লয়। ইফালে বাংলাদেশৰ সংবিধানৰ ৫৪ অনুচ্ছেদৰ নিয়ম মৰণে, নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে ৰাষ্ট্ৰীয় সংসদৰ স্পীকাৰ মেজৰ (অৱসৰপ্ৰাপ্ত) হাফিজ উদ্দিন আহমেদে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিব বুলি জনোৱা হৈছে।

উল্লেখ্য যে, ২০২৩ চনৰ এপ্ৰিল মাহত পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে বাংলাদেশৰ ২২ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল মহম্মদ সাহাবুদ্দিনে। ২০২৪ চনৰ ছাত্ৰ-জনতাৰ ঐতিহাসিক গণ-অভুত্থানৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰ পতন ঘটাস্বত্বেও তেওঁ নিজৰ সাংবিধানিক পদত অক্ষুণ্ণ আছিল। অৱশ্যে শেহতীয়া কিছুদিন ধৰি তেওঁৰ পদত্যাগক লৈ দেশখনৰ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনা চলি আহিছিল