মুখ্যমন্ত্ৰীলৈ পঠিওৱা পত্ৰখনত ৰজা ৱাংচুকে উল্লেখ কৰে, "মোৰ লগতে ভূটানৰ জনসাধাৰণেও অসমৰ জনসাধাৰণৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে, বিশেষকৈ শেহতীয়া বানত পৰিয়াল আৰু ঘৰ-দুৱাৰ হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।পৰিবৰ্তিত বিশ্ব জলবায়ুৰ ভয়াৱহতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ভূটানৰ ৰজাগৰাকীয়ে কয় যে সমগ্ৰ অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱা এনে প্ৰাকৃতিক দুৰ্যোগৰ ভয়াৱহতাই আমাৰ উমৈহতীয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা দুৰ্বলতাকেই স্পষ্ট কৰি তোলে। ভৱিষ্যতে এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ আমি সকলোৱে একেলগে কাম কৰ লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।
অসমত বানৰ তাণ্ডৱ আৰু ইয়াৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ মাজতো এই সংকটকালত ৰাজ্যখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সাহায্য অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদৰ্শন কৰা সবল নেতৃত্ব আৰু দৃঢ় সংকল্পৰ ভূয়সী প্ৰশংসা কৰে ভূটানৰ ৰজাই।
পত্ৰখনৰ শেষৰ অংশত তেওঁ স্পষ্ট কৰি দিয়ে যে, "আপোনালোকক জনাব বিচাৰোঁ যে ভূটানে অসমৰ দুৰ্যোগগ্ৰস্ত জনসাধাৰণৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে। ৰাজ্যখনে পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ বাবে কাম কৰি যোৱা এই সময়ছোৱাত আমাৰ তৰফৰ পৰা সম্পূৰ্ণ হৃদয়েৰে সহযোগিতা, সমৰ্থন আৰু বন্ধুত্ব আগবঢ়োৱা হ'ব। উল্লেখ্য যে, ৰাজ্যখনত প্ৰলয়ংকাৰী বানৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে আৰু কেবাটাও প্ৰান্তত বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে জীৱিকাৰ ক্ষতিসাধন হোৱাৰ সময়তে ভূটানৰ ৰজাৰ এই সহানুভূতিশীল বাৰ্তাই বিশেষ তাৎপৰ বহন কৰিছে।