গুৱাহাটী: বজাৰত সোণৰ শুদ্ধতা আৰু গুণগত মানক লৈ চলি থকা চৰকাৰী নিয়মক ফুৎকাৰ দি একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ অভিযোগ বাৰে বাৰে উত্থাপন হৈছে। শেহতীয়াকৈ ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে, য’ত ভাৰতীয় মানক ব্যুৰ’ (BIS)-ৰ গুৱাহাটী শাখা কাৰ্যালয়ে এখন গহনা দোকানত অভিযান চলাই ভুৱা হলমাৰ্কযুক্ত সোণৰ গহনা বিক্ৰী কৰাৰ গুৰুত্বপূৰ্ণ তথ্য উৎঘাটন কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, বিআইএছৰ বলবৎকৰণ দলটোৱে লাভ কৰা এক গোপন অভিযোগৰ ভিত্তিত এই অভিযান চলায়। তদন্তত পোহৰলৈ আহিছে যে দোকানখনে গ্ৰাহকক প্ৰৱঞ্চনা কৰি ভুৱা BIS হলমাৰ্ক লগোৱা সোণৰ গহনা বিক্ৰী কৰি আহিছিল। ভাৰত চৰকাৰৰ নিয়ম অনুসৰি নিৰ্ধাৰিত জিলাসমূহত সোণৰ গহনাত বাধ্যতামূলক হলমাৰ্কিং কৰাটো আইনগতভাৱে বাধ্যতামূলক, যাতে গ্ৰাহকে আচল শুদ্ধতা লাভ কৰিব পাৰে।
বিআইএছ কৰ্তৃপক্ষই জনোৱা মতে, এটা আচল বিআইএছ হলমাৰ্কত নিৰ্দিষ্ট ল’গ’ (Logo), শুদ্ধতাৰ চিন (Purity Mark) আৰু ৬ অংকৰ আলফানিউমেৰিক এইচ.ইউ.আই.ডি. (HUID) ক’ড থাকে, যিটো গ্ৰাহকে নিজৰ মোবাইলত থকা 'BIS Care App'ৰ জৰিয়তে সহজে পৰীক্ষা কৰি চাব পাৰে। কিন্তু অভিযুক্ত প্ৰতিষ্ঠানখনে এই সকলো নিয়ম উলংঘা কৰি নকল হলমাৰ্ক ব্যৱহাৰ কৰি আহিছিল।
২০১৬ চনৰ বিআইএছ আইনৰ ধাৰা ১৪(২) আৰু ১৫(৩) উলংঘা কৰাৰ বাবে দোষীসকলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই অপৰাধৰ বাবে এক বছৰলৈকে কাৰাদণ্ড অথবা কমেও ১ লাখ টকাৰ পৰা আৰম্ভ কৰি বিক্ৰী কৰা সামগ্ৰীৰ মূল্যৰ পাঁচগুণলৈকে জৰিমনা, বা উভয় দণ্ড বিহাৰ সংপ্ৰধান বিধান আছে।
বিআইএছ কৰ্তৃপক্ষই সাধাৰণ জনতা তথা গ্ৰাহকসকলক সজাগ হৈ থাকিবলৈ আৰু বজাৰত কোনো প্ৰতিষ্ঠানে অবিহনে বা ভুৱা হলমাৰ্কযুক্ত সামগ্ৰী বিক্ৰী কৰাৰ খবৰ পালে তৎক্ষণাৎ বিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে। গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই অভিযান অবিৰতভাৱে অব্যাহত থাকিব বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।