নতুনদিল্লী: বিশ্ব কুস্তি বিনোদন (WWE) জগদ্বিখ্যাত কিংবদন্তি ব্ৰক লেচনাৰে পেছাদাৰী কুস্তিৰ পৰা তেওঁৰ অৱসৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আগষ্ট মাহত অনুষ্ঠিত হৈ যোৱা ‘ছামাৰশ্লেম’ (SummerSlam) ইভেণ্টত নাইজেৰিয়ান তাৰকা অ’বা ফেমিৰ বিৰুদ্ধে হোৱা এক ৰোমাঞ্চকৰ মেচত পৰাজিত হোৱাৰ পিছতে ৪৯ বছৰীয়া এই তাৰকাগৰাকীয়ে কুস্তি জগতলৈ বিদায় জনায়।
জনপ্ৰিয় ‘দ্য পেত মেকএফি শ্ব’ (The Pat McAfee Show)-ত উপস্থিত হৈ ব্ৰক লেচনাৰে নিজৰ অৱসৰৰ কথা নিশ্চিত কৰে। তেওঁ স্পষ্টকৈ কয় যে অ’বা ফেমিৰ বিৰুদ্ধে খেলা সেই মেচখনেই আছিল তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ। ছামাৰশ্লেমত অ’বা ফেমিৰ হাতত পৰাজিত হোৱাৰ পিছত লেচনাৰে সন্মান প্ৰদৰ্শনৰ চিন স্বৰূপে বিৰোধী তাৰকাগৰাকীৰ হাত ওপৰলৈ তুলি ধৰিছিল।
অনুষ্ঠানত কথা পাতি লেচনাৰে কয়, "মই আজি সমগ্ৰ বিশ্বক জনাই দিব বিচাৰিছো যে মই কুস্তিৰ পৰা অৱসৰ লৈছো। শনিবাৰৰ দিনটো মোৰ বাবে অতি আৱেগিক আছিল। যেতিয়া ৰেষ্টলমেনিয়াত অ’বা ফেমিয়ে মোক (Slam) কৰিছিল, তেতিয়া মই ভাবিছিলোঁ যে মই আৰু এই কামটো কৰিব নোৱাৰিম। কিন্তু ব্যৱসায়িক বাধ্যবাধকতা আৰু মোৰ দেহত এতিয়াও কিছু শক্তি বাকী আছিল। অৱশেষত ছামাৰশ্লেমৰ দিনটোৱেই ব্ৰক লেচনাৰৰ বাবে আছিল অন্তিম।"
ব্ৰক লেচনাৰে তেওঁৰ সুদীৰ্ঘ আৰু গৰিমাণ্ডিত কেৰিয়াৰত ১০ বাৰ WWE চেম্পিয়নশ্বিপ খিতাপ দখল কৰাৰ লগতে ইউএফচি (UFC) হেভীৱেইট খিতাপো অর্জন কৰিছিল। ২০০২ চনত WWE ত আত্মপ্ৰকাশ কৰা এই তাৰকাগৰাকীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰে কুস্তি জগতত এক যুগৰ সৃষ্টি কৰিছিল।
অৱসৰৰ ঘোষণা কৰি তেওঁ লগতে কয় যে তেওঁ এতিয়া দক্ষিণ ডেকোটাৰ এগৰাকী সাধাৰণ ফাৰ্মৰ ল’ৰাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত ঈশ্বৰ আৰু তেওঁক সমৰ্থন কৰা প্ৰতিজন অনুৰাগীৰ ওচৰত চিৰকৃতজ্ঞ। ভৱিষ্যতে তেওঁ নিজৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ আৰু সন্তানসকলৰ ক্ৰীড়া কেৰিয়াৰক আগুৱাই লৈ যোৱাত গুৰুত্ব দিব বুলি প্ৰকাশ কৰে।