শিলচৰ: অসমৰ কাছাড় জিলাত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। জিলাখনৰ লক্ষীপুৰ থানান্তৰাধীন ভুবন পাহাৰৰ পাদদেশৰ ম’টিনগৰ অঞ্চলত কাছাড় আৰক্ষী আৰু ৩৮ নং অসম ৰাইফলছে যুটীয়াভাৱে চলোৱা এক অভিযানত প্ৰায় ২৮ কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা হয়। এই অভিযানৰ সময়ত তিনিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় সুৰক্ষাবাহনী।  

আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। তল্লাতিৰ সময়ত সুৰক্ষা বাহিনীয়ে ১৪ কেজি ওজনৰ ১,১০,০০০ (এক লাখ দহ হাজাৰ) ইয়াবা টেবলেট আৰু ১০টা চাবোনৰ বাকচত লুকাই থোৱা অৱস্থাত ২২৩ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে। ঘটনাস্থলীতে ড্ৰাগছ পৰীক্ষামূলক কিটৰ সহায়ত কৰা পৰীক্ষাত জব্দ কৰা সামগ্ৰীখিনি যে ইয়াবা আৰু হেৰোইন আছিল, সেয়া নিশ্চিত কৰে আৰক্ষীয়ে। 

গ্ৰেপ্তাৰ হোৱা তিনিজন সৰবৰাহকাৰীৰ পৰিচয় ক্ৰমে— কচুডৰাম থানান্তৰাধীন কালাখালৰ ময়নুল হক (২৩), ভুবন পাহাৰৰ ষ্টেলমন (১৯) আৰু নুৰ হুছেইন (৩২) বুলি চিনাক্ত কৰা হৈছে।  

কাছাড় আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, জব্দ কৰা সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২৮ কোটি টকা হ'ব। ড্ৰাগছ সৰবৰাহৰ এই বৃহৎ নেটৱৰ্কটোৰ সৈতে আন কোন কোন জড়িত আছে, সেই বিষয়ে নিশ্চিত হ'বলৈ বৰ্তমান আৰক্ষীৰ তৰফৰ পৰা জেৰা অব্যাহত ৰখা হৈছে। ধৃত সকলৰ বিৰুদ্ধে এনডিপিএছ (NDPS) আইনৰ অধীনত গোচৰ ৰুজু কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম পুলিচৰ এই সফল অভিযানে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিছে।