অটোৱা: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা চৰম বাণিজ্য বিবাদৰ মাজতে আমেৰিকাক কঠোৰ হাতেৰে প্ৰতিহত কৰাৰ সিদ্ধান্ত লৈছে চুবুৰীয়া দেশ কানাডায়ে। আমেৰিকাৰ একপক্ষীয় সিদ্ধান্তৰ প্ৰত্যুত্তৰ স্বৰূপে মঙলবাৰে কানাডায়ে প্ৰায় ২০ বিলিয়ন ডলাৰ মূল্য়ৰ আমেৰিকান সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক (Retaliatory Tariffs) আৰোপ কৰাৰ কথা ঘোষণা কৰে। এই পদক্ষেপে বিশ্বৰ অন্যতম বৃহৎ বাণিজ্য অংশীদাৰিত্বক এক বিপদজনক পৰিস্থিতিৰ দিশে ঠেলি দিছে।

প্ৰাপ্ত খবৰ অনুসৰি, এই নতুন শুল্কসমূহৰ অধীনত তীখা (Steel), ডেইৰী সামগ্রী, ঘৰুৱা সঁজুলি আৰু ফাৰ্ম ইকুইপমেণ্ট আদি সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পৰিসৰ কেৱল ঔদ্যোগিক সামগ্ৰীতেই সীমাবদ্ধ নাথাকি সামুদ্ৰিক খাদ্য (seafood), পনিৰ, কাপোৰ, প্রসাধন সামগ্ৰী আৰু টয়লেট পেপাৰৰ দৰে নিতৌ ব্যৱহাৰ হোৱা সামগ্ৰীৰ ওপৰতো পৰিছে, য’ত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হৈছে। এই কেইবাটাও গুৰুত্বপূর্ণ সামগ্ৰীৰ ওপৰত শুল্কৰ হাৰ ২৫ শতাংশৰ পৰা বৃদ্ধি কৰি পোনপটীয়াকৈ ৫০ শতাংশলৈ মুকলি কৰা হৈছে। অহা ৮ ছেপ্টেম্বৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ’ব।

বাণিজ্য আলোচনা ব্যৰ্থ হোৱাৰ পিছতে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে কানাডাৰ সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়াত কানাডাৰ বিত্তমন্ত্ৰী ফ্ৰাঁছুৱা-ফিলিপ শেম্পেইনে (François-Philippe Champagne) কয়, "আমি এই সংঘাত নিজেই বাচি লোৱা নাই, কিন্তু যেতিয়া আমাৰ অর্থনৈতিক একত্ৰীকৰণক মিত্ৰতাৰ ভিত্তি হিচাপে ব্যৱহাৰ নকৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, তখন আমি থিয় দিবই লাগিব।" তেওঁ এই পৰিস্থিতিক কানাডাৰ ওপৰত আৰোপ কৰা এক অভূতপূৰ্ব প্ৰত্যাহ্বান বুলি অভিহিত কৰে।

আনহাতে, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে (Mark Carney) ৱাশ্বিংটনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আমেৰিকাই কানাডাৰ প্ৰধান শিল্পসমূহ ধ্বংস কৰিব বিচাৰিছে। কানাডিয়ান চৰকাৰে এই বাণিজ্য যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ বাবে ৭.৫ বিলিয়ন কানাডিয়ান ডলাৰৰ (প্ৰায় ৫.৪ বিলিয়ন আমেৰিকান ডলাৰ) এক বিশেষ সাহায্য পেকেজৰো ঘোষণা কৰিছে।