বৈঠকৰ সন্দৰ্ভত প্ৰকাশিত খবৰ অনুসৰি, অসমৰ বান পৰিস্থিতি আৰু ভৱিষ্যতে যাতে বান বা বৰষুণৰ ফলত যোগাযোগ ব্য ব্যাহত নহয়, সেই বিষয়ে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোডৰ লগতে ৰাজ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ পথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমৰ যোগেদি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকখন অত্যন্ত ফলপ্ৰসূ হোৱা বুলি প্ৰকাশ কৰে। অসমৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ দিশে কেন্দ্ৰীয় চৰকাৰে সদায় সহযোগিতা আগবঢ়াই আহিছে আৰু এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ে সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।
এই বৈঠকত ৰাজ্যৰ বান প্ৰতিৰোধী পথ নেটৱৰ্ক গঢ়ি তোলাৰ বাবে বৈজ্ঞানিক আৰু তথ্যভিত্তিক পৰিকল্পনাৰ ওপৰতো বিশদ আলোচনা কৰা হয়, যিটোৱে ভৱিষ্যতে অসমৰ যাতায়াত ব্যৱখালৈ এক স্থায়ী সমাধান আনিব বুলি আশা কৰা হৈছে।