দিছপুৰ: ৰাজ্যত উদ্যোগীকৰণৰ গতি ত্বৰান্বিত কৰা আৰু নতুন কৰ্মসংস্থান সৃষ্টিৰ লক্ষ্যৰে ‘এডভান্টেজ আছাম ২.০’ (Advantage Assam 2.0) ৰ জৰিয়তে অহা বিনিয়োগ প্ৰস্তাৱসমূহ বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিশেষ তত্পৰতা প্ৰদৰ্শন কৰিছে। মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰিত বুজাবুজিৰ চুক্তি (MoU) সমূহৰ অগ্ৰগতি আৰু কাৰ্যকৰীকৰণৰ বৰ্তমান স্থিতি পৰ্যালোচনা কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে চিমেন্ট, শক্তি আৰু নৱীকৰণযোগ্য শক্তি (Renewable Energy) কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত বিনিয়োগৰ অগ্ৰগতিৰ বুজ লয়। অম্বুজা চিমেন্ট, ষ্টাৰ চিমেন্ট, ডালমিয়া চিমেন্ট, আদানি পাৱাৰ, এছজেভিএন গ্ৰীণ এনাৰ্জী লিমিটেড (SJVN Green Energy Limited), হিন্দুজা গ্ৰুপ, গ্ৰীণকো এনাৰ্জী প্ৰাইভেট লিমিটেড, নীপকো (NEEPCO) আৰু এনএলচি ইণ্ডিয়া ৰিনিৱেবলছৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰস্তাৱিত প্ৰকল্পৰ স্থিতি পৰ্যালোচনা কৰা হয়।

শিল্প প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়াসকলৰ সৈতে বিশদ আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰকল্পসমূহ সময়মতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু বাধা-বিঘিনিসমূহৰ বিষয়ে বুজ লয়। কোম্পানীসমূহে উত্থাপন কৰা বিষয়সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি শৰ্মাই সংশ্লিষ্ট চৰকাৰী বিভাগসমূহক দ্রুত আৰু সমন্বিতভাৱে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত নিৰন্তৰ যোগাযোগ বজাই ৰখাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমস্যাসমূহ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰিব লাগিব।

ইয়াৰ উপৰি, কোনো ধৰণৰ আন্তঃগাঁথনিগত সমস্যাই যাতে প্ৰকল্পৰ কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগক প্ৰকল্পস্থলীলৈ যোৱা সংযোগকাৰী পথসমূহ উন্নত আৰু শক্তিশালী কৰাৰ নিৰ্দেশ দিয়া হয়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, এডভান্টেজ আছাম ২.০ৰ অধীনত কৰা প্ৰতিশ্ৰুতিসমূহ বাস্তৱত পৰিণত কৰি নিবনুৱা সমস্যা দূৰ কৰা, অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰা আৰু ৰাজ্যৰ জনসাধাৰণৰ বাবে এক সুস্থিৰ ভৱিষ্যৎ গঢ়ি তোলাটোৱেই চৰকাৰৰ অন্যতম মুখ্য অগ্ৰাধিকাৰ।

উক্ত পৰ্যালোচনা বৈঠকত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া, মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদীৰ লগতে বহু কেইটা বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।