গ্লাছগো কমনৱেল্থ গেমছৰ সমাপ্তি: নীৰজ-উষালৈ পতাকা, ২০৩০ত আহমেদাবাদত অনুষ্ঠিত হ'ব গেমছ
গ্লাছগো: ১১ দিনীয়া ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ অন্তত দেওবাৰে গ্লাছগো কমনৱেল্থ গেমছ (CWG) ২০২৬ৰ আনুষ্ঠানিকভাৱে অন্ত পৰে। স্কটলেণ্ডে আনুষ্ঠানিকভাৱে কমনৱেল্থ গেমছৰ পতাকা আৰু আচাৰীয় বেটন ভাৰতক হস্তান্তৰ কৰে, যিয়ে ২০৩০ চনত আহমেদাবাদত এই গেমছৰ শতবৰ্ষৰ সংস্কৰণ আয়োজন কৰিব।
গ্লাছগোৰ অফিচিয়েল হস্তান্তৰ অনুষ্ঠানত গ্লাছগোৰ কতৃপক্ষই অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সন্থাৰ (IOA) সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ চাংঘৱীৰ হাতত কমনৱেল্থ গেমছৰ পতাকা আৰু বেটন তুলি দিয়ে। অষ্ট্ৰেলিয়াৰ পিছত একাধিকবাৰ (২০১০ চনত নতুন দিল্লীৰ পিছত দ্বিতীয়বাৰলৈ) এই বহুক্ৰীড়াপ্ৰতিযোগিতা আয়োজন কৰা দ্বিতীয়খন দেশ হৈ পৰিব ভাৰত।
গ্লাছগোৰ সমাপনী অনুষ্ঠানত স্কটলেণ্ডৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিাৰ লগতে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু শতিকাজুৰি চলি অহা ঐতিহ্যৰ বৰ্ণিল প্ৰদৰ্শন কৰা হয়। দুয়োখন দেশৰ সংগীতশিল্পী আৰু নৰ্তকসকলৰ অংশগ্ৰহণেৰে এক সুন্দৰ 'যুগলবন্দী' পৰিৱেশন কৰা হয়, যিয়ে গ্লাছগোৰ পৰা আহমেদাবাদলৈ দায়িত্ব স্থানান্তৰিত হোৱাৰ চিন স্বৰূপ আছিল।
ভাৰতৰ সফল অভিযান আৰু পদক তালিকা
ক্ৰীড়াৰ দিশৰ পৰা ভাৰতে এইবাৰো এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। গেমছৰ পদক তালিকাত ভাৰতে ১৩ টা সোণৰ, ১৭ টা ৰূপৰ আৰু ৯ টা ব্ৰঞ্জসহ মুঠ ৩৯ টা পদক অৰ্জন কৰি চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। যদিও ২০২২ৰ বাৰ্মিংহামত ভাৰতে লাভ কৰা ৬১ টা পদকৰ তুলনাত এইবাৰ সংখ্যা কিছু কম আছিল, তথাপিও যিহেতু পূৰ্বৰ ৩০ টা পদক অনা ইভেণ্টসমূহ এইবাৰ গ্লাছগোৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল, সেয়েহে ভাৰতৰ এই প্ৰদৰ্শন যথেষ্ট প্ৰশংসনীয় বিবেচিত হৈছে। মাত্ৰ ১২২ গৰাকী খেলুৱৈক লৈ অংশগ্ৰহণ কৰা ভাৰতে ইয়াৰ সুন্দৰ পদক ৰূপান্তৰ হাৰেৰে নিজৰ চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখিলে।
এতিয়া দৃষ্টি আহমেদাবাদলৈ
পতাক হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছে আহমেদাবাদৰ ওপৰত। ২০৩০ চনত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছৰ শতবৰ্ষৰ (Centenary Edition) মহাযুক্তখনৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ হৈছে।