সৌদী প্ৰ' লীগৰ নতুন ছিজনৰ ঠিক আগে আগে ৰোনাল্ডোক এক নতুন ৰূপত দেখা গৈছে। তেওঁ নিজৰ পুৰণি চুলিৰ ৰং সলনি কৰি এক আকৰ্ষণীয় কপাৰ-হলুদ (copper-yellow) বৰ্ণৰ নতুন লুক লৈছে। ২০২৬ চনৰ ফিফা বিশ্বকাপত স্পেইনৰ হাতত পৰাজিত হৈ পৰ্তুগালৰ দলটোৱে প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাৰ পিছতে ৰোনাল্ডো ৰিয়াধলৈ উভতি আহে। ইয়াৰ মাজতে তেওঁ পৰ্তুগালৰ কাচকাইছত এক গোপন অনুষ্ঠানত দীৰ্ঘদিনীয়া সংগী জৰ্জিনা ৰড্ৰিগেজৰ সৈতে বিবাহ সম্পন্ন কৰে। পৰ্তুগীজ ফৰৱাৰ্ডগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিয়াৰ আঙঠিৰ ছবি প'ষ্ট কৰি এই কথা নিশ্চিত কৰিছিল।
বিবাহৰ খবৰ প্ৰকাশ কৰাৰ পিছতে ৰোনাল্ডোৱে আল-নাস্ৰৰ অনুশীলন কিট পৰিধান কৰি থকা এটা ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে— "বেক" (Back)। তেওঁৰ এই নতুন ৰূপ আৰু ছচিয়েল মিডিয়াত দিয়া পোষ্টটোৱে বৰ্তমান অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
আল-নাস্ৰৰ নতুন প্ৰশিক্ষক এঞ্জে পষ্টেকোগ্লুৱে (Ange Postecoglou) ৪১ বছৰীয়া এই তাৰকাগৰাকীক "সদায়ে সাজু" বুলি অভিহিত কৰিছে। অৱশ্যে অহা ১৫ আগষ্টত আল-ফাতেহৰ বিৰুদ্ধে নিজৰ ঘৰুৱা ময়দানত হ'বলগীয়া প্ৰথমখন মেচত তেওঁ খেলিবি নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এইবাৰৰ সৌদী প্ৰ' লীগৰ আৰম্ভণিৰ সৈতে ফুটবল তাৰকাগৰাকীয়ে ক্লাব ফুটবলৰ ২৫ সংখ্যক ছিজনত ভৰি দিব। ৰোনাল্ডোৰ এই প্ৰত্যাৱৰ্তনে আল-নাস্ৰৰ দলটোক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।