গ্লাছগো: কমনৱেলথ গেমছ ২০২৬ৰ (CWG 2026) জেভলিন থ্ৰ' ইভেণ্টত ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক সুন্দৰ খবৰ কঢ়ি আনিছে তাৰকা খেলুৱৈসকলে। গ্লাছগোত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ লগতে আন দুজন ভাৰতীয় এথলীটেও পুৰুষৰ জেভলিন থ্ৰ'ৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।

ব্ৰিটিছ দ্বীপপুঞ্জৰ প্ৰতিকূল বতাহ আৰু ঠাণ্ডা বতৰৰ বাবে খেলুৱৈসকলৰ বাবে খোজ পেলাই খেলত নামটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। কোৱালিফিকেচন ৰাউণ্ডত কোনেও স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰাৰ বাবে নিৰ্ধাৰিত ৮৪.০০ মিটাৰৰ লক্ষ্য স্পৰ্শ কৰিব পৰা নাছিল। ফলস্বৰূপে, শীৰ্ষ ১২ গৰাকী খেলুৱৈৰ সৰ্বমুঠ প্ৰদৰ্শন আৰু ৰেংকিঙৰ ওপৰত ভিত্তি কৰি ফাইনেলৰ তালিকা প্ৰস্তুত কৰা হয়।

ভাৰতৰ গৌৰৱ নীৰজ চোপ্ৰায়ে ৭৯.৬১ মিটাৰ শ্ৰেষ্ঠ থ্ৰ' প্ৰদৰ্শন কৰি কোৱালিফিকেচন ৰাউণ্ডত পঞ্চম স্থান দখল কৰে। ইয়াৰ মাজতে, আন দুই ভাৰতীয় প্ৰতিযোগী ৰোহিত যাদৱে ৭৯.৩৭ মিটাৰ দূৰত্বেৰে নৱম আৰু যশৱীৰ সিঙে ৭৯.৩৬ মিটাৰ প্ৰদৰশনেৰে দশম স্থান দখল কৰি সফলভাৱে ফাইনেলৰ টিকট পেকেট নিশ্চিত কৰে। কমনৱেলথ গেমছৰ ইতিহাসত এই প্ৰথমবাৰৰ বাবে তিনিগৰাকী ভাৰতীয় জেভলিন থ্ৰ'ৱাৰে ফাইনেল পৰ্যায়ত প্ৰৱেশ কৰিলে।

কোৱালিফিকেচনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে কথা পাতি নীৰজ চোপ্ৰায়ে কয়, "জেভলিন থ্ৰ'ৱাৰসকলৰ বাবে পৰিস্থিতি একেবাৰে অনুকূল নাছিল। ঠাণ্ডাৰ লগতে তীব্ৰ বতাহ বলি আছিল আৰু বতাহ কোন দিশৰ পৰা আহিছে সেয়া অনুমান কৰাটো কঠিন হৈ পৰিছিল। বহু খেলুৱৈয়ে আজি সংগ্ৰাম কৰিবলগীয়া হৈছে।"

শ্ৰীলংকাৰ ৰুমেশ তাৰংগাই ৮২.৮৪ মিটাৰ থ্ৰ'ৰে কোৱালিফিকেচনত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে গ্ৰেনেডাৰ এণ্ডাৰছন পিটাৰ্ছে (৮১.২৯ মিটাৰ) দ্বিতীয় আৰু দক্ষিণ আফ্ৰিকাৰ ডাউ স্মিটে (৮০.৬৪ মিটাৰ) তৃতীয় স্থান লাভ কৰে। পাকিস্তানৰ তাৰকা আৰশাদ নাদীমে ৭৮.৬৩ মিটাৰ থ্ৰ'ৰে সপ্তম স্থান লাভ কৰি ফাইনেললৈ উত্তীৰ্ণ হয়। শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টি থাকিব নীৰজ চোপ্ৰা আৰু আন ভাৰতীয় খেলুৱৈসকলৰ ওপৰত।