কমনৱেলথ গেমছ ২০২৬ (CWG 2026) ত ভাৰতে এক ঐতিহাসিক সাফল্য অর্জন কৰিছে। গ্লাছগোত অনুষ্ঠিত চলিত কমনৱেলথ গেমছত পেৰা-এথলেটিকছৰ ইতিহাসত দেশে প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। মহিলাৰ শ্বট পুট (F57) ইভেণ্টত দেশৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াই শীৰ্ষস্থান দখল কৰে পেৰা-এথলেটিক শৰ্মিলা ঢাংকৰে। ইয়াৰ লগতে আন এগৰাকী ভাৰতীয় খেলুৱৈ শিল্পা কে. শ্বেইলাই নাটকলীয় প্ৰতিবাদ আৰু পৰ্যালোচনাৰ মাজেৰে ব্ৰঞ্জৰ পদক নিশ্চিত কৰি ভাৰতলৈ দুটাকৈ পদক কঢ়িয়াই আনে।

৪০ বছৰীয়া শৰ্মিলা ঢাংকৰে এই ইভেণ্টত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৯.৮১ মিটাৰ দুৰত্বলৈ গ’লা পেলাই সোণৰ পদক নিশ্চিত কৰে। ইয়াৰ জৰিয়তে কমনৱেলথ গেমছৰ পেৰা-এথলেটিকছৰ ইতিহাসত ভাৰতৰ ২০ বছৰীয়া পদকৰ খচৰা অন্ত পেলাই এক নতুন সোণালী অধ্যায়ৰ সূচনা কৰিলে

আনহাতে, আন এগৰাকী ভাৰতীয় প্ৰতিযোগী শিল্পা শ্বেইলাই ৭.২৬ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে প্ৰথমতে চতুর্থ স্থানত আছিল যদিও এক নাটকীয় পৰিস্থিতিত ব্ৰঞ্জৰ পদক লাভ কৰে। নাইজেৰিয়াৰ খেলুৱৈ ইউচাৰিয়া ইজিয়াজী (Eucharia Iyiazi) প্ৰথমতে তৃতীয় স্থানত আছিল যদিও ভাৰতীয় দলৰ তৰফৰ পৰা কৰা সফল প্ৰতিবাদ আৰু অফিচিয়েল ৰিভিউৰ পিছত তেওঁৰ থ্ৰ' ফাউল বুলি ঘোষণা কৰা হয়। ইয়াৰ ফলত শিল্পা শ্বেইলাক চাৰ নম্বৰৰ পৰা পোনপটীয়াকৈ ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। এই নাটকীয় পৰিৱৰ্তনৰ পিছত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে আনন্দত আত্মহাৰা হৈ পৰে

এই ঐতিহাসিক জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ ক্ৰীড়াপ্ৰেমীসকলে শৰ্মিলা ঢাংকৰ আৰু শিল্পা শ্বেইলাক উষ্ণ অভিনন্দন জ্ঞাপন কৰে। এই যুগল সফলতাৰে ভাৰতে চলিত কমনৱেলথ গেমছত নিজৰ পদকৰ তালিকা আৰু অধিক সমৃদ্ধিশালী কৰি তুলিলে।