বিগত দিনবোৰত অখিল গগৈয়ে গ্ৰহণ কৰা বিভিন্ন স্থিতি আৰু তেওঁৰ ৰাজনৈতিক উচ্চাকাংক্ষাক লৈ সৰব হৈ পৰিছে বিৰোধী শিবিৰ। একাংশ প্ৰসংগত অখিল গগৈয়ে কৰা মন্তব্য আৰু তাৰ প্ৰতিক্ৰিয়াক লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা অব্যাহত আছে। ইয়াৰ পূৰ্বে বুদ্ধিজীৱী ড° হীৰেন গোহাঁইৰ সৈতে অখিল গগৈৰ হোৱা বাক-বিতণ্ডা আৰু বিভিন্ন প্ৰসংগও উত্থাপন হৈছে।
দেৱব্ৰত শইকীয়াৰ এই মুকলি পত্ৰখনে অসমৰ বিৰোধী দলসমূহৰ মিত্ৰতা আৰু আগন্তুক দিনৰ ৰাজনৈতিক পথ সলনি কৰাত কি প্রভাব পেলাব, সেই লৈ এতিয়া তনত্বনকৈ বিশ্লেষণ চলিছে। ৰাজ্যৰ সচেতন মহলো এই সমগ্ৰ পৰিস্থিতিৰ প্ৰতি আকৰ্ষিত হৈছে, যিহেতু বিৰোধী শিবিৰৰ ভিতৰচৰাত চলা এই সংঘাতখনে শাসনপক্ষক সুবিধা কৰি দিব পাৰে ব আশঙ্কা একাংশ বিশ্লেষকে প্ৰকাশ কৰিছে।