গুৱাহাটী: ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটত আকৌ এক ডাঙৰ ধুমুহা। প্ৰশাসনিক সেৱাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাসম্পন্ন, সততা আৰু মানৱীয় কাম-কাজেৰে ৰাইজৰ প্ৰিয় হৈ পৰা নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত (DC) দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ পবিত্ৰ দিনটোতেই তেওঁ আৰম্ভ কৰিব নিজৰ নতুন ৰাজনৈতিক যাত্ৰা।

শেহতীয়াকৈ অসামৰিক সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ (VRS) গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ এই নিৰ্ণয়ে বিশেষভাৱে উত্তপ্ত কৰি তুলিছে নগাঁও লোকসভা সমষ্টিৰ ৰাজনীতি। ধুবুৰীৰ পৰা সংসাদ্দে স্থান দখল কৰা ৰাকিবুল হুছেইনে নগাঁও লোকসভা আসনখন ত্যাগ কৰাৰ পাছত তাত হ’বলগীয়া সম্ভাব্য উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মা বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি তীব্ৰ গুণাগুণ চলিছিল।

বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন বিষয়াগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু ৰাজ্যজুৰি চলি থকা বিকাশৰ ধাৰাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। প্ৰশাসনৰ পৰিসৰৰ ভিতৰত থাকি ৰাইজৰ সেৱা কৰাৰ তুলনাত ৰাজনীতিৰ বহল মঞ্চৰ পৰা সমাজৰ বাবে অধিক কাম কৰাৰ সুযোগ থাকে বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, অকল এজন কাৰ্যদক্ষ প্ৰশাসকেই নহয়, বৰঞ্চ ২০২০ চনৰ ক’ভিড মহামাৰীৰ ভয়াৱহ দিনবোৰত মুম্বাইৰ অসম ভৱনত থকা সময়ত কৰ্কট ৰোগীসকলক সহায় কৰা মানৱীয় কাৰ্য আৰু তেওঁৰ সংগীত অনুৰাগৰ বাবেও দেৱাশীষ শৰ্মা অসমৰ ৰাইজৰ মাজত অত্যন্ত জনপ্ৰিয়।

ইফালে, এগৰাকী সদ্য-অৱসৰপ্ৰাপ্ত জিলা আয়ুক্তই নিৰ্বাচন চমু চাপি অহাৰ মুহূৰ্তত বিজেপিত যোগদান কৰাক লৈ সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ। নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলি ইতিমধ্যে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে বিৰোধীয়ে। তথাপিও, সকলো বিতৰ্কক নেওচি সুধাকণ্ঠৰ জন্মদিনত দেৱাশীষ শৰ্মাৰ এই ৰাজনৈতিক পদাৰ্পণে অসমৰ ৰাজনীতিত, বিশেষকৈ নগাঁও উপ-নিৰ্বাচনত এক নতুন মোৰ আনিব বুলি ধাৰণা কৰা হৈছে।