ৱাশিংটন: আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰমাৎ কঠোৰ হৈ পৰা প্ৰবজন নীতি (Immigration Policies) আৰু নতুন ভিছা নিয়মাৱলীৰ প্ৰভাৱ এতিয়া স্পষ্ট হৈ পৰিছে। এক নতুন প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত স্নাতক (Undergraduate) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন জনোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পাইছে।

১,১০০ টাতকৈও অধিক উচ্চ শিক্ষা প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা অলাভজনক সংস্থা 'কমন এপ' (Common App) ৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। যদিও আগন্তুক শিক্ষাবৰ্ষৰ বাবে সামগ্ৰিকভাৱে স্নাতক নামভৰ্তিৰ আবেদন কিছু বৃদ্ধি পাইছে, তথাপিও মাৰ্চ মাহলৈকে আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ সংখ্যা ১০ শতাংশ হ্ৰাস পাইছে, যিটো এতিয়ালৈকে সৰ্বাধিক হ্ৰাস বুলি চিহ্নিত হৈছে। বিশেষকৈ আমেৰিকাত পঢ়া-শুনাত অগ্ৰণী ভূমিকা লোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই হ্ৰাসৰ হাৰ ১৫% হোৱাটো বিশেষভাৱে লক্ষণীয়।

ভাৰতীয় ছাত্ৰৰ প্ৰধান আকৰ্ষণ আমেৰিকা:

আমেৰিকাত শিক্ষা গ্ৰহণ কৰা বিদেশীক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ভাৰতৰ ছাত্ৰ-ছাত্ৰী সৰ্বাধিক। ইয়াৰ পূৰ্বৰ ২০২৪-২৫ শিক্ষাবৰ্ষত বিভিন্ন পাঠ্যক্ৰমত ৩ লাখ ৬০ হাজাৰতকৈও অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাত নামভৰ্তি কৰিছিল। কিন্তু শেহতীয়া চৰকাৰী কড়াকড়ি আৰু নীতিগত অনিশ্চয়তাৰ বাবে ছাত্ৰসকলৰ মাজত এক শংকাৰ সৃষ্টি হৈছে।

ভিছাৰ ম্যাদ হ্ৰাস: 

আমেৰিকা চৰকাৰে ছাত্ৰ আৰু পৰিদৰ্শক ভিছাৰ ক্ষেত্ৰত থকা পৰম্পৰাগত "কাৰ্যকালৰ স্থিতি" (Duration of Status) নিয়ম বাতিল কৰিছে। ইয়াৰ সলনি সাধাৰণতে পাঠ্যক্ৰমৰ ম্যাদৰ সৈতে সংগতি ৰাখি সৰ্বোচ্চ ৪ বছৰৰ সীমা বান্ধি দিয়া হৈছে।

  OPT প্ৰগ্ৰেমৰ মাচুল বৃদ্ধিৰ চিন্তা: 

পঢ়া শেষ কৰাৰ পিছত আমেৰিকাত কাম কৰাৰ বাবে সহায়ক হোৱা ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ বা OPT কাৰ্যসূচী ব্যৱহাৰ কৰিব বিচৰা বিদেশী ছাত্ৰসকলৰ ওপৰত ১ লাখ আমেৰিকান ডলাৰৰ মাচুল আৰোপ কৰাৰ কথাও বিবেচনা কৰিছে আমেৰিকা প্ৰশাসনে।  এইচ-১বি (H-1B) 

ভিছাৰ প্ৰভাৱ:

 OPT কাৰ্যসূচীয়ে ছাত্ৰসকলক আমেৰিকাত ১২ ৰ পৰা ২৪ মাহ কাম কৰাৰ সুবিধা দিয়াৰ লগতে নিয়োগকৰ্তাৰ জৰিয়তে H-1B ভিভালৈ ৰূপান্তৰিত হোৱাত সহায় কৰে। এই ভিছাৰ ওপৰতো নিৰ্ভৰ কৰি প্ৰতিবছৰে ভাৰত আৰু চীনৰ হাজাৰ হাজাৰ প্ৰযুক্তিবিদ কৰ্মচাৰীয়ে আমেৰিকাত চাকৰি লাভ কৰে।