নতুন দিল্লী: ইতিমধ্যে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছৰ সফল সামৰণি পৰিছে। এই বেলিৰ প্ৰতিযোগিতাত ভাৰতে মুঠ ৩৯টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ লগতে অসমবাসীৰ বাবেও এই পৰিস্থিতি অত্যন্ত গৌৰৱৰ বিষয়, কিয়নো অসমৰ কৃতি সন্তান তথা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে কমনৱেলথ গেমছত দেশৰ বাবে ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ নাম উজ্জ্বল কৰিছে।

এই সাফল্যৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে দিল্লীৰ শিক্ষা তথা ক্ৰীীড়া মন্ত্ৰী আশীষ সুদে বিশ্ব জুনিয়ৰ গাৰ্লছ স্কোৱাছ চেম্পিয়ন অনাহত সিং আৰু কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক বিশেষভাৱে সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত মন্ত্ৰীগৰাকীয়ে খেলুৱৈ দুগৰাকীক চৰকাৰৰ তৰফৰ পৰা ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰা আৰু যুৱ প্ৰতিভাসমূহক সঠিক পথ প্ৰদৰ্শন কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

দুয়োগৰাকী ক্ৰীড়াবিদকে তেওঁলোকৰ অনন্য কৃতিত্বৰ বাবে উষ্ম অভিনন্দন জনাই মন্ত্ৰী সুদে কয় যে, চৰকাৰে দেশৰ ৰাজধানী চহৰখনত ক্ৰীড়াৰ সা-সুবিধা অধিক উন্নত কৰাৰ লগতে উদীয়মান আৰু প্ৰতিভাশালী খেলুৱৈসকলৰ বাবে ভৱিষ্যতে সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ সুনিৰ্দিষ্ট পৰিকল্পনা হাতত লৈছে।

বৰ্তমান দিল্লীতে বাস কৰি থকা অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি মন্ত্ৰীগৰাকীয়ে গভীৰ আনন্দ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত লাভলীনাই দেশৰ যুৱ প্ৰতিভাশালী বক্সাৰসকলক আগুৱাই নিবলৈ প্ৰশিক্ষণ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে। লগতে প্ৰশিক্ষণৰ সা-সুবিধা আৰু আধুনিক প্ৰযুক্তিগত ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰী সাহায্যৰ বাবেও তেওঁ অনুৰোধ জনায়।

মন্ত্ৰী আশীষ সুদে জানিবলৈ দিয়ে যে, দিল্লী চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনিৰ আধুনিকীকৰণ, প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ উন্নীতকৰণ আৰু দিল্লীৰ দৰে ব্যস্ততাপূৰ্ণ চহৰখনত এক সুস্থ তথা শক্তিশালী ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ বাবে বৰ্তমানৰ লগতে প্ৰাক্তন খেলুৱৈসকলৰো পৰামৰ্শ গ্ৰহণ কৰিব। তেওঁ দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যী জীৱনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে আগন্তুক দিনবোৰতো দেশলৈ গৌৰৱ কঢ়ি আনিব বুলি গভীৰ আশা প্ৰকাশ কৰে।