মানুহে মানুহৰ বাবে... হাতত গীটাৰ লৈ কণ্ঠশিল্পীৰ সৈতে বান সাহায্য সংগ্ৰহ জিলা আয়ুক্তৰ
নগাঁও: ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ বিভীষিকাৰ মাজতে বানাক্ৰান্তসকলৰ কাষত থিয় দি এক ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণাদায়ক আৰ্হি দাঙি ধৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত মানুহখিনিৰ সাহায্যৰ বাবে জিলাখনৰ শিল্পী সমাজৰ সৈতে পোনপটীয়াকৈ ৰাজপথলৈ ওলাই আহি বিত্তীয় সাহায্য সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰে তেওঁ।
বুধবাৰে নগাঁৱৰ ৰাজপথত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়, য’ত জিলা আয়ুক্তগৰাকীক সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত দেখা পোৱা যায়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি তথা মানৱতাৰ চিৰন্তন বাৰ্তা কঢ়োৱা কালজয়ী গীত "মানুহে মানুহৰ বাবে..." কণ্ঠস্থ কৰি তেওঁ ৰাইজৰ পৰা সাহায্য আহ্বান কৰে। বিশেষকৈ, আয়ুক্তগৰাকীয়ে নিজে হাতত গীটাৰ লৈ সুৰত সুৰ মিলাই শিল্পীসকলৰ সৈতে সমগ্ৰ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত এই মহৎ উদ্দেশ্যেৰে পদপথত বৰঙণি সংগ্ৰহ কৰে।
প্ৰশাসনৰ শীৰ্ষ বিষয়াগৰাকীয়ে কেৱল অফিচৰ চাৰিআদিৰ মাজতে সীমাবদ্ধ নাথাকি বানাক্ৰান্তৰ দুৰ্দশাত সমভাগী হৈ এনেদৰে পোনপটীয়াভাৱে জনসাধাৰণৰ মাজলৈ ওলাই আহি সাহায্য সংগ্ৰহ কৰা কাৰ্যক সৰ্বত্ৰে ভূয়সী প্ৰশংসা কৰা হৈছে। এই অভিযানে সাধাৰণ জনতাৰো মনত গভীৰ সাঁচ বহুৱাইছে আৰু বানাক্ৰান্তৰ সাহায্যৰ বাবে সমাজৰ সকলো স্তৰৰ লোকক স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে।