নয়াদিল্লী: ভাৰতীয় আৰ্চাৰী জগতলৈ কঢ়ি আনিছে এক গৌৰৱোজ্জ্বল দিন। তাৰকা আৰ্চাৰ ধীৰাজ বম্মাদেৱাৰ ইতিহাস সৃষ্টি কৰি আৰ্চাৰী বিশ্বকাপ ফাইনেলত (Archery World Cup Final) পুৰুষৰ ৰিকাব বিভাগত সোণৰ পদক জয় কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ আৰ্চাৰ হিচাপে পৰিগণিত হৈছে। মেক্সিকোৰ ছালটিল্লোত (Saltillo) অনুষ্ঠিত এক অতি ৰোমাঞ্চকৰ তথা হেঁচাভৰা ফাইনেল খেলত তেওঁ জাপানৰ প্ৰতিদ্বন্দ্বী নাকানিছি জুঞ্জাক (Nakanishi Junya) পৰাস্ত কৰি এই খিতাপ দখল কৰে।

২৫ বছৰীয়া সেনা জোৱান তথা বিশ্বৰ ১০ নম্বৰ স্থানপ্ৰাপ্ত ধীৰাজে পূৰ্বৰ ২০২৩ আৰু ২০২৪ সংস্কৰণত পদক অবিহনেই উভতিব লগা হৈছিল যদিও এইবাৰ তেওঁ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়। অত্যন্ত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেলখনত দুয়োজনৰে মাজত তীব্ৰ সংগ্ৰাম হয় আৰু প্ৰথম পাঁচটা চেটৰ অন্তত স্ক’ৰ ৫-৫ সমতা হয়। ইয়াৰ পিছত হোৱা ছুট-অফ (Shoot-off) ৰাউণ্ডত ধীৰাজে নিখুঁত ১০ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে জাপানী প্ৰতিদ্বন্দ্বীগৰাকীয়ে ৯ পইণ্টহে লাভ কৰে, যিয়ে ভাৰতীয় আৰ্চাৰগৰাকীলৈ ঐতিহাসিক সোণৰ পদক নিশ্চিত কৰে।

এই জয়েৰে ধীৰাজে ১৬ বছৰীয়া দীৰ্ঘ অপেক্ষাৰো অন্ত পেলায়। ইয়াৰ পূৰ্বে ২০১০ চনত এডিনবাৰ্গ বিশ্বকাপত জয়ন্ত তালুকদাৰে ব্ৰঞ্জৰ পদক জয় কৰাটোৱেই আছিল পুৰুষৰ ৰিকাব শাখাত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সফলতা। ইয়াৰোপৰি, ডলা বেনাৰ্জীৰ (২০০৭ চনত ডুবাইত স্বৰ্ণ জয়) পিছত বিশ্বকাপ ফাইনেলত ব্যক্তিগতভাৱে সোণৰ পদক জয় কৰা ধীৰাজ হৈছে কেৱল দ্বিতীয়গৰাকী ভাৰতীয় আৰ্চাৰ।

ফাইনেলৰ যাত্ৰাত ধীৰাজে কোৱাৰ্টাৰ ফাইনেলত তুৰস্কৰ বাৰ্কিম তুমাৰ আৰু ছেমিফাইনেলত ফ্ৰান্সৰ অলিম্পিক পদক বিজয়ী জাঁ-চাৰ্লছ ভালাডন্টক ৭-১ ব্যৱধানত অতি সহজে পৰাস্ত কৰি ফাইনেললৈ উন্নীত হৈছিল। এই ঐতিহাসিক জয়েৰে আত্মবিশ্বাসী হৈ উঠা ধীৰাজ বম্মাদেৱাৰ এতিয়া পৰৱৰ্তী লক্ষ্য হৈছে জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ, য’ত তেওঁ ভাৰতীয় দলৰ নেতৃত্ব প্ৰদান কৰিব।