নগাঁও/শিলচৰ: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে নগাঁও আৰু উধাৰবন্দৰত লাভ কৰিছে বৃহৎ সফলতা। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী।

নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী শাখাৰ এটি দলে শুকুৰবাৰে নগৰৰ এছ বি আই শাখাৰ সন্মুখত চলোৱা অভিযানত ৩০টা কণ্টেনাৰ ভৰ্তি হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। AS-০২-R-৭৬২৫ নম্বৰৰ এখন স্কুটিৰে ড্ৰাগছখিনি সৰবৰাহ কৰি থকা অৱস্থাত ইছলাম মালিক আৰু চাহিল মালিক নামৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে হাতে-লোটে আটক কৰে। নগৰ শাখাৰ উপ-পৰিদৰ্শক বিমান গগৈৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। ধৃত দুই অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে, একেদিনাই কাছাৰ জিলাৰ উধাৰবন্দৰ গোঁসাইপুৰত আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত ১৫,৯০০ বটল ক'ডেইনযুক্ত কাহৰ চিৰাপ আৰু ২,৬০০ টা ট্ৰেমাডল কেপচুল জব্দ কৰে। এই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই গোচৰত এজনক আটক কৰিছে আৰক্ষীয়ে। এই সাফল্যৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম 'X'-ৰ জৰিয়তে সদৰী কৰি কাছাৰ আৰক্ষীক প্ৰশংসা কৰে।

ৰাজ্যত ড্ৰাগছৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ আৰক্ষীয়ে দিনে-নিশাই চলাই থকা এই ধাৰাবাহিক অভিযানক লৈ সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে।