পেৰুৰ দক্ষিণ এণ্ডিজ পৰ্বতমালাত বৃহস্পতিবাৰে এক শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাৰ (USGS) তথ্য অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭। স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত সংঘটিত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল আয়াচুচো অঞ্চলৰ পৰিনাকোচাস প্ৰদেশৰ উপাহুয়াকো চহৰৰ পৰা ৩৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত।
এই ভূমিকম্পৰ ফলত কমেও দুজন লোক আহত হোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে। অৱশ্যে কোনো প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই। ভূমিকম্পৰ প্ৰভাৱত অঞ্চলটোৰ ২২টা ঘৰ, ৬টা স্বাস্থ্য কেন্দ্ৰ আৰু এখন বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন হৈছে। চিভিল ডিফেন্সৰ মুৰব্বী লুইছ ভাস্কুৱেজৰ মতে, কোৰাকোৰাত ঘৰৰ পৰা ওলাই অহাৰ সময়ত দুজন ব্যক্তি আহত হয়। ইয়াৰ উপৰিও, কোৰাকোৰাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনাও পোহৰলৈ আহিছে।
ভূমিকম্পৰ জোকাৰণি ইকা, আৰেকুইপা, হুয়ানকাভেলিকা, আপুৰিমাক আৰু কুস্কোৰ লগতে ৰাজধানী লিমা পৰ্যন্ত অনুভৱ কৰা হৈছিল। অৱশ্যে পেৰুৰ নৌসেনাই কোনো চুনামীৰ সতৰ্কবাণী জাৰি কৰা নাই। উল্লেখ্য যে, পেৰু 'ৰিঙ অৱ ফায়াৰ'ত অৱস্থিত হোৱাৰ বাবে ইয়াত প্ৰায়ে ভূমিকম্পৰ ঘটনা সংঘটিত হয়।