আৰ্বিল (ইৰাক): মঙলবাৰে পুৱতি নিশাই উত্তৰ ইৰাকৰ গুত্বপূৰ্ণ চহৰ আৰ্বিলত একেলেঠাৰীয়ে কেইবাটাও ভয়ংকৰ বিস্ফোৰণে কঁপি তোলে সমগ্ৰ অঞ্চলটো। বিশেষকৈ আমেৰিকান কনছুলেট কাৰ্যালয়ৰ কাষতে এই বিস্ফোৰণৰ শব্দ শোনা গৈছে বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ইৰাণৰ ড্ৰোণ আক্ৰমণৰ লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে।

আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, আৰ্বিলৰ উত্তৰ-পূৰ্বাঞ্চলৰ খালিফান আৰু ছ’ৰান অঞ্চলত কমেও চাৰিটা ইৰাণৰ ড্ৰোণে আক্ৰমণ চলায়। ইয়াৰ ফলত আক্ৰমণস্থলীত প্ৰচণ্ড জুইৰ লেলিহান শিখা দেখা পোৱা যায়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, লক্ষ্যস্থানৰ কাষতে দুটাকৈ ড্ৰোণ দুৰ্ঘটনাগ্ৰস্ত হৈ খহি পৰে। আনহাতে, আমেৰিকান কনছুলেটৰ কাষৰ এলেকাক ধৰি সমগ্ৰ আৰ্বিল চহৰত কমেও সাতটা বিস্ফোৰণৰ শব্দ স্পষ্টকৈ শুনা গৈছে।

এই ড্ৰোণ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে আৰ্বিলৰ আকাশমাৰ্গত দহটাতকৈও অধিক আমেৰিকান যুদ্ধ বিমান আৰু ড্ৰোণে তহল দি থকা বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইফালে, ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম ‘আইআৰআইবি’য়ে প্ৰকাশ কৰা মতে, ইৰাকৰ আল-আম্বাৰ প্ৰদেশত আমেৰিকাৰ এটা ড্ৰোণ ধ্বংস কৰা হৈছে। হাদীথা বান্ধৰ কাষত ড্ৰোণখন খহি পৰাৰ কিছুমান ছবিও স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ইয়াৰ পাশাপাশি ছুলাইমানিয়াৰ ‘খ’ৰ ম’ৰ গেছ ফিল্ডটো আক্ৰমণৰ লক্ষ্য কৰা হৈছিল।

এই সামৰিক উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে এক বাৰ্তাত কয় যে, যদি চলি থকা কুটনৈতিক প্ৰচেষ্টা ব্যৰ্থ হয়, তেন্তে ইৰাণৰ বিৰুদ্ধে অতি শক্তিশালী সামৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমেৰিকা সম্পূৰ্ণ প্ৰস্তুত আছে। অৱশ্যে মধ্যস্থতাকাৰী দেশসমূহৰ অনুৰোধমৰ্মে তেওঁ বৰ্তমানলৈকে ইৰাণৰ বিৰুদ্ধে পৰিকল্পিত আক্ৰমণ স্থগিত ৰাখি আলোচনাক আন এক সুযোগ প্ৰদান কৰিছে বুলি তেওঁ নিশ্চিত কৰে