ৱাশ্বিংটন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ইনভেস্টিগেশ্যন ব্যুৰো (FBI)-য়ে দেশৰ থলুৱা জনজাতি অঞ্চল বা 'ইণ্ডিয়ান কান্ট্ৰি'ত ঘটি যোৱা বিভিন্ন অমীমাংসিত হত্যা, অপহৰণ আৰু লোক নিৰুদ্দেশৰ গোচৰসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে এই গোচৰসমূহৰ সঠিক তথ্য বা উমান দিওঁতাৰ বাবে নূন্যতম ২৫,০০০ ডলাৰৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।

'ভয়েচেছ মট ফৰগটেন' শীৰ্ষক নতুন আঁচনি:
এফবিআইৰ সঞ্চালক কাশ্যপ পেটেলে (কাষ পেটেল) জনজাতীয় আইন প্ৰয়োগকাৰী বিষসকলৰ এটা সন্মিলনত 'Voices Not Forgotten' (যিবোৰক পাহৰি যোৱা হোৱা নাই) নামৰ এই নতুন কাৰ্যসূচী মুকলি কৰে। এই নতুন প্ৰট’কলৰ অধীনত ফেডাৰেল এক্তিয়াৰভুক্ত জনজাতি অঞ্চলৰ ৰাজহুৱাভাৱে প্ৰচাৰ কৰা প্ৰতিটো অমীমাংসিত গোচৰৰ বাবে নূন্যতম ২৫,০০০ ডলাৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণক সজাগ কৰি তোলা আৰু অপৰাধ সম্পৰ্কে তথ্য থকা লোকসকলক মুখ মুকলি কৰি আগবাহি আহিবলৈ উৎসাহিত কৰা।

৫০টাতকৈও অধিক গোচৰৰ বাবে সাহায্য:
এই নতুন পুৰস্কাৰ নীতিয়ে জনজাতি সম্প্ৰদায়সমূহৰ মাজত ঘটি থকা ৫০ টাতকৈও অধিক গুৰুত্বপূৰ্ণ অমীমাংসিত হত্যা আৰু নিৰুদ্দেশৰ গোচৰক সামৰি লৈছে। এফবিআইয়ে এই তদন্তসমূহ সহজলভ্য কৰিবলৈ এটা নতুন ৱেবপেজ মুকলি কৰিছে, য'ত সোধা-পোছাৰ বাবে এক অনুসন্ধানযোগ্য মানচিত্ৰ (searchable map) আৰু প’ষ্টাৰ সংলগ্ন কৰা হৈছে।

বিশেষকৈ আমেৰিকাৰ থলুৱা লোকসকলৰ ওপৰত হোৱা হিংসাত্মক ঘটনাৰ হাৰ হ্ৰাস কৰা আৰু ভুক্তভোগী পৰিয়ালসমূহক ন্যায় প্ৰদান কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। এফবিআইয়ে দেশৰ প্ৰায় ২০০ খন থলুৱা সংৰক্ষিত বনাঞ্চল বা ৰিজাৰ্ভেচনৰ গুৰুত্বপূৰ্ণ অপৰাধৰ তদন্তৰ দায়িত্ব কঢ়িয়ায়।