আমেষ্টেলভীন: FIH হকি বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডৰ প্ৰথমখন খেলত পৰাজয়ৰ সন্মুখীন হ’ল ভাৰতীয় মহিলা হকি দল। শক্তিশালী নেদাৰলেণ্ডৰ বিৰুদ্ধে এক কঠিন যুঁজ দিও অৱশেষত ২-০ গ’লৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় খেলুৱৈসকল। প্ৰতিপক্ষ দলটো পেৰিছ অলিম্পিকৰ সোণৰ পদক বিজয়ী আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন।
খেলখনত ভাৰতীয় গ’লৰক্ষক সবিতা পুনীয়াৰ নেতৃত্বত ডিফেন্স বিভাগে অতি প্ৰশংসনীয় প্ৰদৰ্শন দাঙি ধৰে। বিশ্বৰ ১ নম্বৰ দল নেদাৰলেণ্ডক ভাৰতে সহজে গ’ল কৰিবলৈ দিয়া নাছিল। বিশেষকৈ ফিল্ড গ’ল কৰাৰ পৰা প্ৰতিপক্ষক সম্পূৰ্ণৰূপে বিৰত ৰাখিবলৈ সক্ষম হৈছিল ভাৰতীয়সকলে। নেদাৰলেণ্ডৰ হৈ দুয়োটা গ’লেই আহে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে। দ্বিতীয় মিনিটত ইব্বি জানছেনে আৰু ৩৮ মিনিটত ফ্ৰেডেৰিক মাল্টাই এই গ’ল দুটা কৰে।
পূৰ্বৰ ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ১২টাকৈ পেনাল্টি কৰ্ণাৰ ৰক্ষা কৰা ভাৰতীয় গ’লৰক্ষকসকলে এই খেলতো নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। বিশেষকৈ সৰু সৰু আক্ৰমণ আৰু প্ৰতিপক্ষৰ পেনাল্টি কৰ্ণাৰ ৰোধ কৰাত সবিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আনহাতে, ভাৰতীয় আক্ৰমণকাৰীসকলেও কেইবাবাৰো গো’লৰ সুযোগ সৃষ্টি কৰিছিল যদিও সঠিক ফিনিছিংৰ অভাৱত গ’ল কৰিবলৈ সক্ষম নহ’ল। দলটোৱে এতিয়া দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ পৰৱৰ্তী খেলখন খেলিব। ছেমিফাইনালৰ আশা জীয়াই ৰাখিবলৈ ভাৰতৰ বাবে এই খেলখন জয় কৰাটো অতিকৈ প্ৰয়োজনীয়।