গুৱাহাটী: বিদেশী গোচৰৰ নামত ন্যায়িক প্ৰক্ৰিয়া উলংঘা কৰি এগৰাকী মহিলাক আইনী সুযোগ নিদিয়াকৈ বাংলাদেশলৈ খেদি পঠোৱা ঘটনাক লৈ গৌহাটী উচ্চ ন্যায়ালয়ে এক অভূতপূৰ্ব আৰু ঐতিহাসিক ৰায় প্ৰদান কৰিছে।
উল্লেখ্য যে, কোনো ব্যক্তি বা বিদেশী নাগৰিক বুলি ঘোষিত হোৱা লোকক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ আইনী অধিকাৰ নিদিয়াকৈ পুছবেক (Pushback) কৰাৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক জৰিমনা বিহাৰ এইটোৱেই দেশৰ প্ৰথমটো ঐতিহাসিক ঘটনা।
আদালতৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আৰু ৰায়:
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ যৌথ খণ্ডপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আদালতে কয় যে বিদেশী প্ৰাধিকৰণ (Foreigners Tribunal) আৰু সীমান্ত আৰক্ষীৰ কাম-কাজত স্পষ্টভাৱে "আইনী উদ্দেশ্যপ্ৰণোদিত ভুল" (Malice in Law) প্ৰতিফলিত হৈছে।
নগাঁও জিলাৰ জুৰিয়াৰ বাসিন্দা মমতাজ বেগমে নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ ১৯৭১ চনৰ পূৰ্বৰ নথি-পত্ৰ দাখিল কৰাৰ পিছতো ফৰেনাৰ্ছ ট্ৰাইবিউনেলে তেওঁক একতৰফাভাৱে বিদেশী ঘোষণা কৰিছিল। উক্ত ৰায়ৰ বিৰুদ্ধে মমতাজে গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ে ট্ৰাইবিউনেলৰ ৰায় বাতিল কৰি পুনৰ গোচৰটোৰ শুনাণি ল'বলৈ নিৰ্দেশ দিছিল।
কিন্তু অভিযোগ অনুসৰি, ৩০ মে'ত মমতাজ বেগমে ট্ৰাইবিউনেলত হাজিৰ হোৱাৰ মুহূৰ্ততে সীমান্ত আৰক্ষীয়ে তেওঁক জিম্মাত লয়। পৰিয়ালক কোনো তথ্য নিদিয়াকৈ তেওঁক প্ৰথমে জিলা কাৰাগাৰ, তাৰ পিছত মাটিয়া ডিটেইনশ্বন কেম্প (হোল্ডিং চেণ্টাৰ) আৰু অৱশেষত শ্ৰীভূমি জিলাৰ সীমান্তৰে ১৪ জুনৰ নিশা বাংলাদেশলৈ ঠেলি পঠোৱা হয়।
মমতাজৰ স্বামী মুজাম্মিল হকে পত্নীৰ কোনো সন্ধান নোপোৱাত উচ্চ ন্যায়ালয়ত হেবিয়াছ কৰ্পাছ (Habeas Corpus) আবেদন দাখিল কৰে। ইয়াৰ পিছতহে চৰকাৰী পক্ষই আদালতক জনায় যে মহিলাগৰাকীক tবাংলাদেশলৈ পঠোৱা হৈছে।
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়লৈ বিশেষ নিৰ্দেশ:
গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কাৰ্যত তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কয় যে মহিলাগৰাকীক উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ আইনী অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।
ইফালে, অহা ৬০ দিনৰ ভিতৰত অসম চৰকাৰক ২ লাখ টকাৰ ক্ষতিপূৰণ মমতাজৰ স্বামীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আদালতে কয় যে দেৱানী আদালতত অতিৰিক্ত ক্ষতিপূৰণৰ দাবী কৰাৰ অধিকাৰ পৰিয়ালটোৰ অক্ষুণ্ণ থাকিব। এতিয়াৰে পৰা কোনো লোকক বিদেশী ঘোষণা কৰি জিম্মাত লোৱাৰ পূৰ্বে ট্ৰাইবিউনেলৰ ৰায়ৰ প্ৰতিলিপি বিনামূলীয়াকৈ লোকজনক আৰু তেওঁৰ পৰিয়ালক দিয়াটো বাধ্যতামূলক কৰিবলৈও আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়ে হাইকোৰ্টে।