গুৱাহাটী: ৰাজ্যৰ চিকিৎসা ৰ বাবে এক গুৰুতৰ খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) দীৰ্ঘদিন ধৰি চলি অহা এটা কুখ্যাত তেজৰ দালাল চক্ৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাস্পতালখনৰ চৌহদৰ পৰা অবৈধভাৱে তেজৰ ক্ৰয়-বিক্ৰয় চলাই থকা ৫ জন দালালক হাতে-নাতে আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ অনুসৰি, জৰুৰীকালীন অৱস্থাত ৰোগীক তেজ যোগান ধৰাৰ নামত এই দালাল চক্ৰটোৱে ৰোগীৰ দুৰ্ভাৱনা আৰু অসহায় অৱস্থাৰ সুযোগ লৈ চৰম শোষণ চলাইছিল। দালালে সাধাৰণ লোকৰ পৰা তেজৰ একোজুৰি বা ইউনিটৰ বিপৰীতে চৰকাৰী নিয়ম উলংঘা কৰি  হাজাৰ টকা দাবী কৰি আহিছিল।

ঘটনা দিনটোত ৰোগীৰ কিছু সচেতন আত্মীয়ৰ তৎপৰতা আৰু সাহসিকতাৰ দেখা যায় যে এই দালালকেইটাক তেনে কাৰ্যত লিপ্ত থকা অৱস্থাত ধৰা পেলায়। পিছত তৎক্ষণাৎ বিষয়টো হাস্পতালৰ নিৰাপত্তাৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষক অৱগত কৰা হয়। খবৰ পোৱাৰ লগে লগে ভঙাগড় আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন অভিযুক্তক নিজৰ জিম্মাত লয়

আটকাধীন দালাল কেইজনৰ বিৰুদ্ধে ইতিমধ্যে সুনির্দিষ্ট গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁলোকৰ সৈতে হাস্পতালখনৰ আন কোনো ভিতৰচৰীয়া কৰ্মচাৰী বা অন্য নেটৱৰ্ক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত এক গভীৰ তদন্ত আৰম্ভ কৰিছে। GMCHৰ দৰে গুৰুত্বপূর্ণ প্ৰতিষ্ঠানত এনে অসামাজিক কাৰ্যকলাপ পুনৰাবৃত্তি হোৱাত সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।