গুৱাহাটী: ৰাজ্যৰ অন্যতম প্ৰধান চিকিৎসা কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) সংঘটিত হৈছে এক ভয়কৰ দুৰ্ঘটনা। হাস্পতালখনৰ প্লাষ্টিক চাৰ্জাৰী বিভাগৰ ৱাৰ্ডৰ ভিতৰত হঠাতে ছাদৰ এটা অংশ খহি পৰাৰ ফলত চিকিৎসাধীন হৈ থকা চাৰি গৰাকী ৰোগী আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসাধীন ৰোগীসকল নিজৰ বিছনাত চিকিৎসা গ্ৰহণ কৰি থকা সময়তে হঠাতে ওপৰৰ ছাদৰ একাংশ খহি তেওঁলোকৰ ওপৰত পৰে। এই হঠাতে হোৱা দুৰ্ঘটনাত ৱাৰ্ডটোৰ ভিতৰত ত্ৰাস আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। চিঞৰ-বাখৰ লাগি যোৱাত হাস্পতালৰ অন্যান্য ৰোগী আৰু আত্মীয়সকলৰ মাজত তীব্ৰ আতংক বিয়পি পৰে।

ঘটনাৰ লগে লগে হাস্পতালৰ নাৰ্চ, চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীসকল তৎপৰ হৈ পৰে আৰু ততাতৈয়াকৈ আহত ৰোগীসকলক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, আহত ৰোগীসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁলোকক নিৰীক্ষণত ৰখা হৈছে।

প্রাথমিক তদন্তত পোহৰলৈ আহিছে যে প্লাষ্টিক চাৰ্জাৰী বিভাগৰ এই পুৰণি ছাদটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল। বিভাগটোৰ উপযুক্ত মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি চৰ্চা চলিছে। অসমৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতালখনৰ আন্তঃগাঁথনিৰ এনে অৱস্থাই এতিয়া সাধাৰণ ৰাইজৰ মাজত ডাঙৰ প্ৰশ্নচিহ্ন উত্থাপন কৰিছে। এই ঘটনাৰ সন্দৰ্ভত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় বিষয়।