গোলাঘাট: ৰাজ্য কঁপাই যোৱা গোলাঘাটৰ চৰ্চিত ত্ৰিপল মাৰ্ডাৰ ঘটনাৰ মূল অভিযুক্তসহ তিনিটা হাজোতীয়ে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা বিশেষ কয়দী কক্ষৰ পৰা এই তিনিটা হাজোতী পলায়ন কৰে।
পলায়ন কৰা হাজোতী কেইজন নজিবুৰ ৰহমান, ৰূপম কলিতা আৰু অজয় গোৱালা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে নজিবুৰ ৰহমান আছিল ৰাজ্যজুৰি ত্ৰাস সৃষ্টি কৰা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।
জানিব পৰা মতে, শনিবাৰে পুৱা ৫ বজাৰ পিছত দায়িত্বত থকা নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে জিৰণি লোৱাৰ সুযোগ গ্ৰহণ কৰি এই পালতক কেইটাই চকীদাৰৰ মোবাইল ফোন আৰু বাইক লৈ পলায়ন কৰে। বিশেষকৈ কুখ্যাত অপৰাধী নজিবুৰ ৰহমানক কোনো ধৰণৰ হেণ্ডকাফ নলগোৱাকৈ চিকিৎসালয়ত ৰখা কাৰ্যই আৰক্ষীৰ কাৰ্যদক্ষতা আৰু সুৰক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিছে।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে গোলাঘাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ স্বীকাৰ কৰে যে আৰক্ষীৰ কিছু গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পাইছে। বৰ্তমান পলাতক তিনিয়োটা হাজোতীৰ সন্ধানত জিলাখনত আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে। এই ঘটনাৰ পিছতে সমগ্ৰ গোলাঘাট জিলাজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে