নাজিৰা: ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা উজনি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ এতিয়া সমগ্ৰ দেশৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ওলাই আহিছে। অভিনেতা, খেলুৱৈৰ পৰা শিল্পী- সকলোৱে বানাক্ৰান্তৰ দুখৰ সমভাগী হ’বলৈ তৎপৰ হৈ পৰিছে। এই অভাৱনীয় দুৰ্যোগৰ মাজতে অসমত ভৰি দিলেহি বিশ্ববিখ্যাত তাৰকা ‘দ্যা গ্ৰেট খালী’।

বৃহস্পতিবাৰে নাজিৰা মহকুমাৰ অন্তৰ্গত বামুণ পুখুৰী টেঙাহোলাত কণ্ঠশিল্পী দীপলিনা ডেকা আৰু ট্ৰু হ’প ফাউণ্ডেশ্যনৰ উদ্যোগত বানাক্ৰান্ত পৰিয়ালৰ বাবে নিৰ্মাণ কৰা ১০০টা ঘৰৰ প্ৰথমটো ঘৰ খালীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰা পৰিয়ালসমূহৰ কাষত থিয় দি তাৰকাগৰাকীয়ে তেওঁলোকৰ দুখৰ বুজ লয়।

তাৰকাগৰাকীক কাষত পাই বানাক্ৰান্ত ৰাইজৰ মাজত একপ্ৰকাৰৰ উৎসুকতা দেখা যায়। বহুতে তেওঁৰ সৈতে চেল্ফি লোৱাৰ বাবে হেঁচা-ঠেলা কৰাও পৰিলক্ষিত হয়। ইটিভি ভাৰতৰ আগত দ্যা গ্ৰেট খালীয়ে কয়, "অসমৰ মানুহৰ এই অৱস্থা দেখি অত্যন্ত বেয়া লাগিছে। কণ্ঠশিল্পী দীপলিনা ডেকা আৰু তেওঁৰ সতীৰ্থসকলে বানাক্ৰান্তৰ বাবে যি কাম কৰিছে সেয়া প্ৰশংসনীয়।"

লগতে, দেশৰ সকলো চেলিব্ৰেটিক অসমলৈ আহি বানাক্ৰান্তসকলৰ কাষত থিয় দিবলৈ তেওঁ আহ্বান জনায়। এই সংকটৰ সময়ত সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ অনুৰোধ কৰে।