গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটীৰ বশিষ্ঠ-শৰুসজাই সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী উদীয়মান যুৱতী কাবাডি খেলুৱৈয়ে। এই শোকাৱহ দুৰ্ঘটনাত আন দুজন খেলুৱৈ গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে সন্ধিয়া শৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিয়মীয়া প্ৰশিক্ষণ শেষ কৰি ঘৰলৈ উভতি আহিছিল খেলুৱৈসকল। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ জাওতে পিছফালৰ পৰা অহা এখন তীব্ৰবেগী বাহনে তেওঁলোকক প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে থিতাতে নিহত হয় যুৱতীগৰাকী।

নিহত খেলুৱৈগৰাকী ধীৰেনপাৰাৰ বাসিন্দা বৈষ্ণৱী সাহা বুলি চিনাক্ত কৰা হৈছে। ইফালে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন খেলুৱৈ হ'ল— আমিনগাঁৱৰ বাসিন্দা বিদ্যা আৰু মনীষা। বৰ্তমান তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চালকজনে বাহনখন লৈ দ্ৰুতগতিৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত বশিষ্ঠ আৰক্ষীয়ে তৎপৰতা প্ৰকাশ কৰি (AS 26 C 4335) নম্বৰৰ দুৰ্ঘটনাগ্ৰষ্ট বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে বাহনখন লখৰাৰ পৰা খানাপাৰাৰ দিশে গৈ আছিল।

বৰ্তমান পলাতক চালকজনক আটক কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে। এই আকস্মিক দুৰ্ঘটনাই সমগ্ৰ ক্ৰীড়া মহল আৰু মৃত খেলুৱৈগৰাকীৰ পৰিয়ালৰ লোকসকলৰ মাজত শোকৰ ছাঁ পেলাইছে।