তথ্য অনুসৰি, গুৱাহাটীত ভূমিস্খলনৰ ঘটনাৰ পৰিণাম অত্যন্ত মৰ্মান্তিক। বিগত দহ বছৰত মহানগৰীখনত ভূমিস্খলনৰ বলি হৈ প্ৰায় ৩৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। চৰকাৰী তথ্য মতে— ২০১৬ চনত ৬ জন, ২০১৮ চনত ৩ জন, ২০১৯ চনত ১ জন, ২০২০ চনত ৪ জন, ২০২১ চনত ৪ জন, ২০২২ চনত ৫ জন, ২০২৩ চনত ১ জন, ২০২৪ চনত ৩ জন আৰু ২০২৫ চনত ৭ জন লোকে প্ৰাণ হেৰুৱাইছে।
পাহাৰ ধ্বংসৰ মূল কাৰণ কি?
বছৰৰ পাছত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলি অহা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলত পাহাৰসমূহৰ ব্যাপক অৱক্ষয় ঘটিছে। যাৰ ফলত সামান্য বৰষুণতেই পাহাৰসমূহে পানী ধৰি ৰাখিব নোৱাৰি বোকা আৰু শিলাময় মাটি তললৈ নমাই আনে। এই বোকা-মাটিয়ে মহানগৰীৰ নলা-নৰ্দমাসমূহ বন্ধ কৰি কৃত্রিম বানপানীৰ সমস্যা আৰু অধিক ভয়াবহ কৰি তোলে।
কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া ৩৬৬টা অঞ্চলক ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে যদিও ইয়াৰ প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত এই স্পৰ্শকাতৰ এলেকাসমূহত দৰিদ্ৰ তথা সংগতিহীন লোকসকলে অতি বিপদজনকভাৱে বসবাস কৰি আহিছে।
পৰিবেশবিদ তথা বিশেষজ্ঞসকলৰ মতে, পাহাৰৰ সংৰক্ষণৰ বাবে আইন থকাৰ সত্ত্বেও চৰকাৰী সদিচ্ছাৰ অভাৱৰ বাবে এই সমস্যা দিনক দিনে জটিল হৈ পৰিছে। পাহাৰৰ স্বাভাৱিক পৰিবেশ নষ্ট কৰি যধে-মধে গছ-গছনি কটা আৰু পাহাৰ কাটি ঘৰ সজাৰ ফলতেই আজি এই দিন চাব লাগিছে। যদি সময় থাকোঁতে সঠিক প্ৰতিৰক্ষামূলক ব্যৱস্থা আৰু বৈজ্ঞানিক পৰিকল্পনা গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতে গুৱাহাটীবাসীয়ে আৰু অধিক ডাঙৰ বিপদৰ সন্মুখীন হ’বলগীয়া হোৱাটো নিশ্চিত।