দুবাই: ইয়েমেনত পুনৰ তীব্ৰ হৈ পৰিছে সংঘাত। ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীয়ে চলোৱা ধাৰাবাহিক মিছাইল আৰু ড্ৰোন আক্ৰমণত ছৌদি আৰৱৰ সমৰ্থনপুষ্ট কমেও ৫৮ গৰাকী চৰকাৰী সেনা নিহত হৈছে। বিগত চাৰি বছৰৰ ঘৰুৱা সংঘাতৰ ইতিহাসত এইটোৱে আটাইতকৈ মাৰাত্মক আক্ৰমণ বুলি সেনাপ্ৰধান তথা সামৰিক সূত্ৰসমূহে প্ৰকাশ কৰিছে।
কেনেকৈ সংঘটিত হ’ল এই আক্ৰমণ?
হুথী সামৰিক মুখপাত্ৰ য়াহিয়া ছাৰীয়ে কয় যে চুবুৰীয়া দেশ ছৌদি আৰৱৰ সহযোগত চৰকাৰী পক্ষই চলোৱা সামৰিক প্ৰস্তুতিৰ প্ৰতিবাদতে এই আক্ৰমণ চলোৱা হৈছে। বিদ্ৰোহীসকলে চৰকাৰী শিবিৰসমূহ লক্ষ্য কৰি একেলগে বেলেষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে। মধ্য ইয়েমেনৰ মাৰিব প্ৰদেশৰ আল-ৰুৱাইক এলেকাত অৱস্থিত এক সামৰিক শিবিৰত পুৱাৰ পেৰেডৰ সময়তে হোৱা মিছাইল আক্ৰমণত বহু সৈন্য হতাহত হয়। ইয়াৰোপৰি ছৌদি সীমান্তৰ কাষৰীয়া হাদ্ৰামাউত প্ৰদেশৰ আল-আব্ৰ আৰু আল-ৱাদিয়া এলেকাতো আক্ৰমণ চলোৱা হয়।
২০২২ চনৰ পিছৰ সৰ্ববৃহৎ হতাহতি:
সামৰিক বিষয়াৰ মতে, ২০২২ চনৰ পিছত ইয়েমেনৰ সেনা শিবিৰসমূহৰ ওপৰত হোৱা এইটোৱে আটাইতকৈ ডাঙৰ আক্ৰমণ। ইয়েমেনৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে তেওঁলোকৰ সশস্ত্ৰ বাহিনীয়ে এই আক্ৰমণৰ উচিত সময়ত আৰু উপযুক্ত স্থানত প্ৰতিশোধ ল’ব।
সীমান্ত পাৰ হৈ ছৌদি আৰৱলৈও সংকট:
এই আক্ৰমণৰ প্ৰভাৱ সীমান্ত পাৰ হৈ ছৌদি আৰৱতো পৰিছে। ছৌদি কতৃৰ্পক্ষৰ মতে, হুথীসকলৰ আক্ৰমণৰ ফলত দক্ষিণ নাজল অঞ্চলত ১১ গৰাকী সাধাৰণ নাগৰিক আহত হয়। ইয়াৰ ভিতৰত ৭ গৰাকী ছৌদি নাগৰিক, ১ গৰাকী ইয়েমেনী, ২ গৰাকী ইজিপ্তৰ আৰু ১ গৰাকী পাকিস্তানী নাগৰিক আছে। উল্লেখ্য যে, ২০১৫ চনৰ পৰাই ছৌদি আৰৱে ইয়েমেন চৰকাৰক সমৰ্থন কৰি হুথী বিদ্ৰোহীসকলৰ বিৰুদ্ধে এক সামৰিক মিত্ৰজোঁটৰ নেতৃত্ব দি আহিছে।