দেশখনৰ ৰাজধানী বুডাপেষ্টৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ (৮৭ মাইল) পূৰ্ব দিশত দেওবাৰে পুৱ প্ৰায় ১ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত এক বিবৃতিত প্রকাশ কৰে যে বাছচালকজনে বাহন চলাই থকা অৱস্থাত টোপনি যোৱাৰ (Drowsy driving) বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ইফালে, এই দুৰ্ঘটনাৰ খবৰ পাই হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী পিটাৰ মেগ্যাৰ (Péter Magyar) ছ’চিয়েল মিডিয়াত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ ফেইচবুকত প্রকাশ কৰা বিবৃতিত উল্লেখ কৰে যে এই দুৰ্ঘটনাত অন্তত ১০ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ শোকাস্ত্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত জপিখাই পৰা উদ্ধাৰকাৰী দলটোক ধন্যবাদ জনায়।