থিম্ফু: ভাৰত আৰু ভূটানে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বিকাশমূলক অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ দিশে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়া এক উচ্চ পৰ্যায়ৰ বৈঠকত দুয়োখন দেশে নতুন দিল্লীৰ আৰ্থিক তথা কাৰিকৰী সহযোগত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ কাম-কাজ সবিস্তাৰে পৰ্যালোচনা কৰে।  

ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু ভূটানৰ বৈদেশিক সচিব ডাশো পেমা লেক্তুপ দৰ্জীৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হয় পঞ্চম ভাৰত-ভূটান উন্নয়ন সহযোগিতা বৈঠক। এই বৈঠকত ভূটানৰ ১৩ সংখ্যক পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পসমূহৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ভূটানৰ সামাজিক-অৰ্থনৈতিক বিকাশলৈ ভাৰতে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে নতুন দিল্লীক ভূটানৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়।

এই বৈঠকৰ অংশ হিসেবে ভাৰতৰ এক্সিম বেংক (Export-Import Bank of India) আৰু ভূটানৰ বিত্ত মন্ত্ৰালয়ৰ মাজত ৪,০০০ কোটি টকা (৪০ বিলিয়ন নুঙট্ৰাম) মূল্যৰ এক ৰেহাইযুক্ত লাইন অৱ ক্ৰেডিট (LoC) চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰি, স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS) আৰু ভূটানৰ খেছাৰ গ্যালপ বিশ্ববিদ্যালয়ৰ মাজত এখনি বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰা হয়। 

 সেউজীয়া গতিশীলতা (Green mobility) বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ তৰফৰ পৰা ভূটান চৰকাৰক ৪৫ খন বৈদ্যুতিক বাহন (EVs) প্ৰদান কৰা হয়। লগতে, দ্বিপাক্ষিক অর্থনৈতিক বিকাশৰ অংশ হিচাপে নিৰ্মিত "থিম্ফু ইকালজিকেল পাৰ্ক" আৰু "ওলাখা পাৰ্ক" ভাৰতীয় সহায়ত ভাৰত আৰু ভূটানৰ বৈদেশিক সচিবদ্বয়ে ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। 

উল্লেখ্য যে, ভাৰত হৈছে ভূটানৰ সৰ্ববৃহৎ উন্নয়নমূলক অংশীদাৰ। বিগত কেইবা দশক ধৰি আন্তঃগাঁথনি, সংযোগ, শিক্ষা, স্বাস্থ্য আৰু সক্ষমতা বৃদ্ধিৰ বিভিন্ন প্ৰকল্পত ভাৰতে ভূটানক ধাৰাবাহিকভাৱে সহযোগিতা আগবঢ়াই আহিছে।