ভাৰতীয় বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই দেওবাৰে এই কথা প্ৰকাশ কৰি কয় যে ২০২৮ চনৰ ২৫ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ নিৰ্ধাৰণ কৰা হৈছে এই প্ৰতিযোগিতা। কিন্তু সেই সময়তে ৰাজধানী নতুন দিল্লীত গণৰাজ্য দিৱসৰ (Republic Day) কটকটীয়া সুৰক্ষা ব্যৱস্থা আৰু অন্যান্য লজিষ্টিক সমস্যাৰ সৃষ্টি হোৱাৰ বাবে খেলুৱৈসকলৰ চলাচল তথা প্ৰশিক্ষণত অসুবিধা হ’ব পাৰে। সেইবাবেই কেৱল ২০২৮ বৰ্ষৰ বাবে প্ৰতিযোগিতাখন গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে গুৱাহাটীয়ে ইয়াৰ পূৰ্বে সফলভাৱে বিশ্ব কণিষ্ঠ বেডমিণ্টন চেম্পিয়নশ্বিপ (World Junior Championships) সফলভাৱে আয়োজন কৰিছিল। ২০২৮ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া এই ইণ্ডিয়া অপেনত বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ শীৰ্ষস্থানীয় শ্ব’টলাৰসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যিয়ে অসমৰ ক্ৰীড়া জগতলৈ এক নতুন গতি আনিব।
ইফালে, ২০২৭ বৰ্ষৰ ইণ্ডিয়া অপেন প্ৰতিযোগিতাখন দিল্লীতেই অনুষ্ঠিত হ’ব, যদিও শীতকালীন প্ৰদূষণ আৰু বতৰৰ প্ৰতি লক্ষ্য ইয়াক জানুৱাৰীৰ পৰা সামান্য পিছুৱাই ফেব্ৰুৱাৰীৰ ২-৭ তাৰিখলৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে ভাৰতীয় বেডমিণ্টন সন্থাই ২০২৮ বৰ্ষৰ থমাছ আৰু উবেৰ কাপ (Thomas and Uber Cup) আয়োজনৰ বাবেও ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে বুলি জানিবলৈ দিয়ে।