নয়াদিল্লী/ভেনকুভাৰ: কানাডাত বিমান প্ৰশিক্ষণ লৈ থকা অৱস্থাত এক মৰ্মান্তিক দুৰ্ঘটনাত দুজন ভাৰতীয় ছাত্ৰৰ প্ৰাণহানি ঘটিছে। ভেনকুভাৰস্থিত ভাৰতীয় দূতাবাসে (Consulate General of India) দেওবাৰে (স্থানীয় সময় অনুসৰি) এই মৰ্মান্তিক দুৰ্ঘটনাৰ বাতৰি নিশ্চিত কৰি গভীৰ শোক প্ৰকাশ কৰে।
নিহত ছাত্ৰ দুজন ভাৰতৰ তামিলনাডু আৰু পুডুচেৰীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ নাম ক্ৰমে মনোজ শিৱকুমাৰ (Manoj Sivakumar) আৰু শ্ৰীচৰণ থিৰুগ্নানাসম্বন্ধম (Srisaran Thirugnanasambantham) বুলি ছচিয়েল মিডিয়া প’ষ্ট যোগে প্ৰকাশ কৰিছে ভাৰতীয় দূতাবাসে।
এক্স (X) ত এক শোকবাৰ্তা প্ৰকাশ কৰি ভেনকুভাৰস্থিত ভাৰতীয় দূতাবাসে কয়, “তামিলনাডু আৰু পুডুচেৰীৰ দুজন ভাৰতীয় ছাত্ৰ শ্ৰী মনোজ শিৱকুমাৰ আৰু শ্ৰী শ্ৰীচৰণ থিৰুগ্নানাসম্বন্ধমৰ কানাডাত হোৱা এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত আকস্মিক বিয়োগত কনছুলেট জেনেৰেল অৱ ইণ্ডিয়াই গভীৰ শোক প্ৰকাশ কৰিছে।”
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই দূতাবাসে কয় যে, এই দুৰ্যোগৰ সময়ত মৃতকৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াৰোপৰি, মৃতদেহসমূহ ভাৰতলৈ ঘূৰাই পঠিওৱাৰ (Repatriation) ক্ষেত্ৰত পৰিয়ালটোক সকলো ধৰণৰ প্ৰয়োজনীয় লজিষ্টিক আৰু কনছুলেট সহায় আগবঢ়াবলৈ দূতাবাস সম্পূৰ্ণৰূপে প্ৰস্তুত আছে বুলিও প্ৰকাশ কৰা হৈছে।
প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখন আৰু ইয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে সম্পূৰ্ণ সবিশেষ তথ্য এতিয়াও পোহৰলৈ অহা নাই। কানাডাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, এই বিমান প্ৰশিক্ষণৰ সময়তে ফ্লাইং স্কুলৰ সৈতে জড়িত বিমান দুৰ্ঘটনাটোৰ বিষয়ে স্থানীয় প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।