ৱাশ্বিংটন: পশ্চিম এছিয়াত চলি থকা উত্তেজনাক আৰু অধিক ঘণীভূত কৰি ইৰাণে মঙলবাৰে জৰ্ডানত অৱস্থিত আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। আমেৰিকা যুক্তৰাজ্যৰ কেন্দ্ৰীয় কমাণ্ডে (CENTCOM) এই আক্ৰমণক এক "আকস্মিক আক্ৰমণৰ প্ৰয়াস" বুলি অভিহিত কৰিছে।
ছচিয়েল মিডিয়া প’ষ্ট যোগে চেণ্টকমে প্ৰকাশ কৰা মতে, ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (IRGC) ইৰাণৰ ভূখণ্ডৰ পৰা মধ্যপ্ৰাচ্যত থকা মাৰ্কিন বাহিনীক লক্ষ্য কৰি এই মিছাইলসমূহ নিক্ষেপ কৰিছিল। অৱশ্যে আমেৰিকাৰ অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি আকাশমাৰ্গতে সকলো আক্ৰমণাত্মক প্ৰজেক্টাইল সফলতাৰে ধ্বংস কৰিবলৈ সক্ষম হয়।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে স্থানীয় সময় অনুসৰি মঙলবাৰে সন্ধিয়া ৫:৪৫ বজাত এই আক্ৰমণ সংঘটিত হৈছিল। আমেৰিকাৰ সেনাই বৰ্তমান এই অঞ্চলত সম্পূৰ্ণ সতৰ্ক অৱস্থাত আছে আৰু যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ তেওঁলোক উচ্চ পৰ্যায়ৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।
আমেৰিকা-ইৰাণ সম্পৰ্ক আৰু ট্ৰাম্পৰ হুংকাৰ
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কূটনীতিমূলক সমাধানৰ বাবে ইৰাণৰ বিৰুদ্ধে চলা আক্ৰমণ সাময়িকভাৱে স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বে হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে হোৱা উচ্চস্তৰীয় বৈঠকত ইৰাণৰ প্ৰসংগ বিশেষভাৱে স্থান পাইছিল। ট্ৰাম্পে ইকীয়াভাৱে সকীয়াই দিছিলে যে যদি তেওঁলোকৰ সৈতে কোনো বুজাবুজি নহয়, তেন্তে আমেৰিকাই পুনৰ সামৰিক অভিযান চলাই ইৰাণৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰিব।
এই আক্ৰমণৰ জৰিয়তে যুদ্ধবিৰতিৰ মাজতো ইৰাণ আৰু আমেৰিকাৰ মাজৰ দীৰ্ঘদিনীয়া শত্ৰুতা আৰু উত্তেজনা যে এতিয়াও প্ৰশমিত হোৱা নাই, সেয়া স্পষ্ট হৈ পৰিছে।