নয়াদিল্লীত অনুষ্ঠিত ব্ৰিকছ ব্যৱসায়িক ফ’ৰামৰ (BRICS Business Forum) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেচিয়ানে (Masoud Pezeshkian) বিশ্বৰ বৰ্তমানৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেওঁ কয় যে বৰ্তমান সমগ্ৰ বিশ্বখনেই ইতিহাসৰ অন্যতম জটিল সময়ৰ মাজেৰে পাৰ হৈছে।

ভাষণ প্ৰসংগত ইৰানী ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভূ-ৰাজনৈতিক অনিশ্চয়তা, যোগান শৃংখলাত (Supply Chain) ব্যাঘাত জন্মোৱা আৰু ৰাজনৈতিক হেঁচা প্ৰয়োগৰ বাবে অর্থনৈতিক সঁজুলিৰ বৰ্ধিত ব্যৱহাৰে দেশসমূহৰ কাৰ্যনিৰ্বাহক অধিক জটিল কৰি তুলিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে এই প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে ব্ৰিকছ (BRICS) ভুক্ত দেশসমূহৰ সঁহাৰি কি হ’ব?

পেজেচিয়ানে জোৰ দি কয় যে ব্ৰিকছৰ আচল শক্তি কেৱল ইয়াৰ সদস্য দেশসমূহৰ অৰ্থনীতিৰ আকাৰতে সীমাবদ্ধ নহয়। বৰঞ্চ যেতিয়া এই শক্তিসমূহক বাণিজ্য, বিনিয়োগ আৰু যুটীয়া বিত্তীয় ব্যৱস্থাৰ এটা নেটৱৰ্কলৈ ৰূপান্তৰিত কৰা হয়, তখনই ইয়াৰ প্ৰকৃত গুৰুত্ব পোহৰলৈ আহে। তেওঁ সম্ভাৱ্য সহযোগিতাৰ পৰা কাৰ্য্যকৰী সহযোগিয়ালৈ ৰূপান্তৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে, তেওঁ ব্ৰিকছ সদস্য দেশসমূহৰ মাজত পাৰস্পৰিক বাণিজ্যৰ ক্ষেত্ৰত নিজ নিজা ৰাষ্ট্ৰীয় মুদ্ৰাৰ ব্যৱহাৰ সম্প্ৰসাৰণ কৰাৰ বাবেও আহ্বান জনায়।