বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্বকিয়ানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয় যে, এয়া হৈছে যুদ্ধ সমাপ্তিৰ বাবে উপযুক্ত সময়, কাৰণ ইৰান বৰ্তমান এক শক্তিশালী আৰু সন্মানজনক অৱস্থাত আছে।
চিকিৎসকৰ সৈতে এক সভাত অংশ লৈ পেজেশ্বকিয়ানে কয়, "আমাৰ বাবে এয়াই উত্তম সময় যে আমি যুদ্ধ শেষ কৰিব লাগে, কাৰণ আমি এতিয়া শক্তি আৰু মৰ্যাদাৰ স্থানত আছো। সমগ্ৰ বিশ্বই আমাৰ বিজয় স্বীকাৰ কৰিছে আৰু এই কথাও স্বীকাৰ কৰিছে যে আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় নিয়ম উলংঘা কৰি আমাৰ বিদ্যালয়, চিকিৎসালয় আৰু আন্তঃগাঁথনি আক্ৰমণ কৰিছে।"
উল্লেখ্য যে, যোৱা কেইবামাহ ধৰি চলি থকা এই যুদ্ধৰ ফলত হৰমুজ প্ৰণালীত অৰ্থনৈতিক কাৰ্যকলাপ প্ৰায় স্তব্ধ হৈ পৰিছে। আমেৰিকাই নতুনকৈ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা কৰাৰ সমান্তৰালভাৱে ইৰাণৰ ৰাষ্ট্ৰপতিৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। পেজেশ্বকিয়ানে জুন মাহত আমেৰিকাৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখনকো সমৰ্থন কৰি কয় যে, ই কোনো ক্ষেত্ৰতে ইৰানৰ পৰাজয় নহয়, বৰঞ্চ ই এক সন্মানীয় প্ৰয়াস আছিল।
আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ ওপৰত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ দিছে। অৱশ্যে ইৰানৰ নেতৃত্বই এই নিষেধাজ্ঞাক ‘অৰ্থনৈতিক সন্ত্ৰাসবাদ’ বুলি অভিহিত কৰিছে।