ইৰানৰ শীৰ্ষ পৰ্যায়ৰ মুৰব্বী তথা বিষয়াসকলৰ মতে, আমেৰিকাই হৰমুজ প্ৰণালীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থকা বুলি কৰা দাবী সম্পূৰ্ণ ভিত্তিহীন। ইৰানৰ তফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই জলপথটো পূৰ্বেও ইৰানৰ হাততেই আছিল, বৰ্তমানো ইয়াৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাততেই আছে আৰু ভৱিষ্যতেও ই কেৱল ইৰানৰ নিৰ্দেশমতেই পৰিচালিত হ’ব। ইৰানী নেতাসকলে আমেৰিকাক বাস্তৱ পৰিস্থিতি মানি ল’বলৈ আহ্বান জনাই কয় যে তেওঁলোকৰ শত চেষ্টাৰ সত্ত্বেও আমেৰিকাই কৌশলগতভাৱে পৰাজয়ৰ মুখামুখি হ’বলগীয়া হৈছে।
ইফালে, আমেৰিকান প্ৰশাসনে এই অঞ্চলত নিজৰ সামৰিক স্থিতি শক্তিশালী কৰাৰ লগতে ইৰানৰ বন্দৰসমূহৰ ওপৰত নৌসেনাৰ অৱৰোধ অব্যাহত ৰাখিছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ তফৰ পৰাও প্ৰয়োজন সাপেক্ষে এই জলপথত অনিৰ্দিষ্টকাললৈ অৱৰোধ বজাই ৰখাৰ হুংকাৰ দিয়া হৈছে। এই সমগ্ৰ পৰিস্থিতিয়ে পশ্চিম এছিয়াত এক নতুন যুদ্ধৰ সম্ভাৱনা আৰু বৰ্ধিত আশংকাক প্ৰতিফলিত কৰিছে।