পশ্চিম এচিয়াত ভীতিগ্ৰস্ত পৰিস্থিতি:
ইৰানৰ বিৰুদ্ধে নতুন আক্ৰমণৰ হুংকাৰ আমেৰিকাৰপশ্চিম এচিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা সংঘাত দিনক দিনে ভয়াবহ ৰূপ লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে অতিশীঘ্ৰে নতুন সামৰিক আক্ৰমণ চলোৱাৰ ইংগিত দিয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত উত্তেজনা চৰম পৰ্যায় পাইছেহি।
শ্বেতভৱনে জনোৱা মতে, ইৰানে হৰমুজ প্ৰণালী (Strait of Hormuz) মুকলি কৰাৰ ক্ষেত্ৰত আৰু পূৰ্বৰ চুক্তিৰ চৰ্তসমূহ মানি চলাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ বাবেই এই কঠোৰ পদক্ষেপ লোৱাৰ চিন্তা চৰ্চা কৰা হৈছে। ইৰানৰ অৰ্ধসামৰিক ৰেভলিউশ্বৰী গাৰ্ডে শেহতীয়াকৈ হৰমুজ প্ৰণালীৰ মাজেৰে যোৱা কেইবাখনো তেলবাহী জাহাজত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৱাশ্বিংটনে।
ইৰানৰ হুংকাৰ আৰু প্ৰতিৰোধ
আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰানে স্পষ্ট কৰি দিছে যে যদি তেওঁলোক আক্ৰমণৰ সন্মুখীন হয়, তেন্তে ইৰানে ইজৰাইলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ শক্তিখণ্ডৰ প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি ল'বলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে। ইৰানৰ এজন জ্যেষ্ঠ সুৰক্ষা কর্মকর্তাৰ মতে, ইৰানৰ সশস্ত্ৰ বাহিনীয়ে এই পৰিস্থিতিত কঠোৰ প্ৰতিৰোধ গঢ়ি তোলাৰ সম্পূৰ্ণ সামৰ্থ্য ৰাখে।
বিশ্ব অর্থনীতি আৰু খাৰুৱা তেলৰ বজাৰত প্ৰভাৱ
এই তীব্ৰ সংঘাতৰ পোনপটীয়া প্ৰভাৱ পৰিছে বিশ্বৰ শক্তি বজাৰৰ ওপৰত। ইৰান যুদ্ধৰ ফলত সৃষ্টি হোৱা যোগান সংকটৰ বাবে আমেৰিকাৰ তেল কোম্পানীসমূহৰ লাভ বৃদ্ধি পোৱাৰ বিপৰীতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে উৰ্ধমুখী হৈছে। পশ্চিম এচিয়াৰ এই দীৰ্ঘদিনীয়া সংঘাতে সমগ্ৰ বিশ্বৰ অৰ্থনীতি আৰু সুৰক্ষাক লৈ নতুন শংকাৰ সৃষ্টি কৰিছে।