ৱাশ্বিংটন/তেহৰাণ: পশ্চিম এচিয়াত চলি থকা উত্তেজনাৰ মাজতে আমিৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক গুৰুত্বপূর্ণ দাবী উত্থাপন কৰিছে। ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি, ইৰানৰ সৈতে বৰ্তমানো আলোচনা অব্যাহত আছে, যদিও ইৰানৰ বৈদেশিক মন্ত্ৰালয়ে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে।

হোৱাইট হাউছত সাংবাদিকৰ সৈতে কথা পাতি ট্ৰাম্পে কয় যে, ইৰানৰ বাবে এয়া এক "চূড়ান্ত সুযোগ" (last chance before decapitation)। চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহী, কাটাৰ আৰু অন্যান্য কেইবাখনো দেশৰ অনুৰোধমৰ্মে তেওঁ ইৰানৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হৈছে বুলি তেওঁ উল্লেখ কৰে। ট্ৰাম্পৰ মতে, এই আলোচনাৰ মূল কেন্দ্ৰবিন্দু হ'ব গুৰুত্বপূৰ্ণ তেল ক'ৰিডৰ তথা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আমিৰিকাৰ উদ্বেগ দূৰ কৰা।

ইফালে, ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইসমাইল বাকায়ীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে বৰ্তমান আমিৰিকাৰ সৈতে কোনো প্ৰত্যক্ষ আলোচনাত মিলিত হোৱা নাই। তেওঁ কয়, "আমাৰ আলোচনা কেৱল ওমানৰ সৈতেহে চলিছে, যিটো হৰমুজ প্ৰণালীৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ বাবে।"

যুদ্ধবিৰতি ভংগ হোৱাৰ পিছৰে পৰা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীত ইৰানে পুনৰ অৱৰোধ সৃষ্টি কৰিছে। সাগৰীয় পথত চলাচল কৰা জাহাজসমূহৰ ওপৰত আক্ৰমণ আৰু বাধা প্ৰদান কৰাৰ খবৰো পোহৰলৈ আহিছে। ওমান উপকূলৰ সমীপত হৰমুজ প্ৰণালীত অজ্ঞাত প্ৰক্ষেপাস্ত্ৰৰ আক্ৰমণত এখন কাৰ্গো জাহাজ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে।  

কূটনৈতিক সমাধান অনিশ্চিত হৈ পৰাৰ বাবে বিশ্ব বজাৰত কেঁচা তেলৰ মূল্যত পুনৰ উত্থান দেখা গৈছে। ব্ৰেণ্ট ক্ৰুডৰ দাম সামান্য বৃদ্ধি পাই প্ৰতি বেৰেলত ৮৪ ডলাৰৰ ওপৰলৈ উঠিছে। এই সংঘাতে সমগ্ৰ বিশ্বৰ অর্থনীতি আৰু নিৰাপত্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।