যোৰহাট: প্ৰতিকূল পৰিৱেশ আৰু চৰম দৰিদ্ৰতাকো হাৰ মানি নিজৰ অদম্য ইচ্ছা শক্তেীৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ এক প্ৰতিভাশালী কাৰাটে খেলুৱৈ। বানপানীয়ে সপোন ম্লান কৰিব নোৱাৰা জোৰহাঁটৰ ১৭ বছৰীয়া জনমণি কোঁৱৰে দিল্লীৰ টকটোভা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ২০ সংখ্যক সৰভাৰতীয় স্বাধীনতা কাপ কাৰাটে প্ৰতিযোগিতাত (20th All India Independence Cup Karate Championship) সোণৰ পদক অর্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়ি আনিছে।
প্ৰতিযোগিতাখনত জনমণিয়ে অত্যন্ত দাপুটে প্ৰদৰ্শন আগবঢ়াই নিজৰ সকলো কেইটা বাউটতে জয়লাভ কৰি অপৰাজিত থাকে। ফাইনেল মেচখনত নিজৰ প্ৰতিদ্বন্দীক ১০-২ ব্যৱধানত পৰাজিত কৰি তেওঁ সোণৰ পদক নিশ্চিত কৰে। কিন্তু এই সোণালী সাফল্যৰ পিছৰ কাহিনীটো অতিশয় মৰ্মস্পৰী আৰু সংগ্ৰামেৰে ভৰা।
বানে কাঢ়ি লৈছিল ঘৰ আৰু অনুশীলনীৰ ঠাই
কনিষ্ঠ খেলুৱৈগৰাকীৰ এই বিজয় যাত্ৰা সহজ নাছিল। প্ৰতিযোগিতাখনৰ ঠিক কেইদিনমান পূর্বে ভয়ংকৰ বানে জনমণিৰ পৰিয়ালৰ মূৰৰ ওপৰৰ ছাঁ কাঢ়ি লৈ যায়। নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত জলমগ্ন হৈ পৰে তেওঁলোকৰ ঘৰ আৰু চাৰিওফালৰ পৰিৱেশ। প্ৰায় এমাহ ধৰি পানীৰ তলত হৈ থকা অনুশীলনৰ ঠাই হেৰুৱাই পৰিয়ালটোক আশ্ৰয় ল’বলগীয়া হৈছিল এক বানাক্ৰান্ত ত্ৰাণশিবিৰত। ত্ৰাণশিবিৰৰ তম্বুৰ তলত থাকিও জনমণিয়ে নিজৰ অনুশীলন বন্ধ ৰখা নাছিল।
আৰ্থিক সংকট আৰু সহায়ৰ হাত
দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো জনমণি আৰু তেওঁৰ পৰিয়ালৰ বাবে এক প্ৰকাৰ অসম্ভব হৈ পৰিছিল, কাৰণ তেওঁলোকৰ হাতত যাতায়াতৰ বাবে প্ৰয়োজনীয় ধনো নাছিল। অৱশ্যে এই দুৰ্দশাত আশীৰ্বাদ হৈ আহে বিশিষ্ট শিক্ষাবিদ তথা উদ্যোগী অলখ পাণ্ডে (Alakh Pandey)। ছচিয়েল মিডিয়াত জনমণিৰ সংগ্ৰামৰ খবৰ পাই তেওঁ খেলুৱৈগৰাকীক আৰ্থিক সহযোগিতা আগবঢ়ায় আৰু দিল্লীলৈ যোৱাৰ বিমানৰ টিকটৰ ব্যৱস্থা কৰি দিয়ে।
দিল্লীৰ পৰা স্বৰ্ণ জয় কৰি ঘূৰি অহাৰ পিছতো জনমণিয়ে পুনৰ উভতি যাবলগীয়া হৈছে মথাউৰিৰ ওপৰত পতা ত্ৰাণ শিবিৰৰ তম্বুলৈ, কিয়নো এতিয়াও তেওঁলোকৰ ঘৰলৈ ঘূৰি যোৱাৰ পৰিৱেশ হোৱা নাই। তাৰ মাজতো ক্যারাটেৰ জৰিয়তে এদিন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন বুকুত বান্ধি আগবাঢ়িছে এই সংগ্ৰামী যুৱতীগৰাকী। জনমণিৰ এই অনুপম success-এ এতিয়া সমগ্ৰ দেশৰ ক্ৰীড়া মহলত চৰ্চ লাভ কৰাৰ লগতে হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰিছে।