জাপান বতৰ বিজ্ঞান সংস্থাই (JMA) প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত। ৰাজধানী টকিঅ’ৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত এই অঞ্চলটোত জোকাৰণি অনুভূত হোৱাৰ লগে লগে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি হয়। প্ৰশাসনে কুমা মোটোৰ লগতে কাষৰীয়া প্ৰিফেকচাৰসমূহৰ বাসিন্দাসকলক সতৰ্ক থাকিবলৈ আৰু নিৰাপদ উচ্চ স্থানলৈ গুছি যাবলৈ পৰামৰ্শ আগবঢ়াইছে।
ভূমিকম্পটোৰ ফলত তাৎক্ষণিকভাৱে কোনো বড়ো ধৰণৰ ক্ষতি বা লোকচানৰ খবৰ পোৱা হোৱা নাই যদিও আমেৰিকাৰ পেচিফিক ছুনামি ৱাৰ্নিং চেণ্টাৰে স্থানীয় উপকূলীয় অঞ্চলৰ পৰিস্থিতিৰ ওপৰত সজাগ দৃষ্টি ৰাখিছে। উল্লেখ্য যে, জাপান বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ দেশ হোৱাৰ বাবে প্ৰায়ে এনে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। বৰ্তমান উদ্ধাৰকাৰী দল আৰু প্ৰশাসন সম্পূৰ্ণ সতৰ্ক অৱস্থাত আছে যাতে পৰিস্থিতিৰ ওপৰত তৎক্ষণাৎ নিয়2 ৰাখিব পৰা যায়।