Guwahati/Ranchi: অসমত অব্যাহত থকা ভয়ংকৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয়তাৰ পৰিচয় দি ঝাৰখণ্ড চৰকাৰে আগবঢ়াইছে বিশেষ আৰ্থিক সাহায্য। ৰাজ্যখনৰ ভীতিগ্ৰহস্ত বানাক্ৰান্তসকলক উদ্ধাৰ তথা সাহায্য প্ৰদানৰ কামত সহযোগ কৰাৰ উদ্দেশ্যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। এই সংকটৰ সময়ত ঝাৰখণ্ড চৰকাৰ আৰু ৰাজ্যবাসীয়ে অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়া বুলি তেওঁ পত্ৰখনৰ জৰিয়তে স্পষ্ট কৰি দিয়ে।
মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ৰাজ্যখনৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (CM Relief Fund) ৩ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণিয়ে বানপীড়িতসকলৰ পুনৰ্বাসন আৰু সাহায্য প্ৰদান কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ইয়াৰোপৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সক্ষম নাগৰিক আৰু বিভিন্ন প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহি অসমৰ বানাক্ৰান্ত লোকসকলক সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়াবলৈ এক বিনম্ৰ আহ্বান জনাইছে। বৰ্তমানৰ এই কঠিন পৰিস্থিতিত ৰাজ্যিক সীমাৰ ঊৰ্ধ্বত গৈ মানৱীয় মূল্যবোধ প্ৰদৰ্শন কৰাৰ বাবে ঝাৰখণ্ড চৰকাৰৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।