জোনাই: এজাক বৰষুণ দিলেই জোনাইৰ নৈপৰীয়া ৰাইজে ভয়ে-ভীতে দিন কটাবলগীয়া হয়। কিয়নো সামান্য বৰষুণতে কেইবাঠাইতো চিয়াং-লালী নদীৰ মথাউৰি চপৰা-চপৰে খহিবলৈ ধৰাৰ ফলত নৈপৰীয়া ৰাইজৰ লগতে সমগ্ৰ জোনাইবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত ধেমাজি জিলা ছাত্ৰ সন্থাৰ (আছু) উপ-সভাপতি ৰঞ্জিত বসুমতাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, "কেইবা কোটি টকা ব্যয়েৰে জোনাইৰ পবা বনাঞ্চলৰ তিনিআলিৰ পৰা গালীঘাটলৈকে কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল। কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ মাত্ৰ দুই-তিনিবছৰৰ ভিতৰতে সামান্য বৰষুণতে ইয়াৰ বিভিন্ন অংশ জহি-খহি যোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। কেৱলমাত্ৰ নিম্নমানৰ সামগ্ৰী আৰু সম্পূৰ্ণ বালিৰে মথাউৰিটো নিৰ্মাণ কৰাৰ বাবেই আজি এই দুৰাৱস্থাৰ সৃষ্টি হৈছে।"

তেওঁ লগতে কয় যে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজ বৰষুণ দিলে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়। ঠিকাদাৰৰ স্বেচ্ছাচাৰিতা আৰু গাফিলতিৰ বাবেই জিয়াং-লালী নৈপৰীয়া ৰাইজে বৰ্তমান মৃত্যুক সাৱটি জীয়াই থাকিবলগীয়া হৈছে। যদি এইদৰে খহনীয়া অব্যাহত থাকে, তেন্তে যিকোনো সময়তে মথাউৰি ভাগি চিয়াং নদীৰ বাঢ়নী পানীয়ে মথাউৰিৰ καষৰীয়া প্ৰায় কুৰিখনতকৈও অধিক গাঁও জলমগ্ন কৰি তোলাৰ তীব্ৰ আশংকা দেখা দিছে।

ইফালে, জলসম্পদ বিভাগৰ মথাউৰিত পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে যদিও বাৰে বাৰে দাবী জনাসত্ত্বেও বিভাগীয় কৰ্তৃপক্ষই কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰে ৰাইজৰ সুবিধাৰ্থে কোটি কোটি টকা আবণ্টন দিয়াৰ পিছতো এনে দুৰ্নীতি আৰু অনিয়মত জড়িত জোনাই জলসম্পদ বিভাগৰ চোৱাচিতাৰ দায়িত্বত থকা অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত চলাই কঠোৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৱে তীব্ৰ দাবী জনাইছে