জোনাই: অসমৰ শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। দীৰঘ ১৪ বছৰ ধৰি অৰ্ধনিৰ্মিত আৰু পৰিত্যক্ত হৈ থকা জোনাইৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ITI) নিৰ্মাণ কাৰ্য অৱশেষত পুনৰ আৰম্ভ হৈছে। প্ৰতিষ্ঠানখনৰ কাম বন্ধ হৈ থকাৰ ফলত জোনাই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল কাৰিকৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি, দীৰঘদিন ধৰি কোনো কাম নোহোৱাৰ বাবে এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো জোপোহা আৰু অভাৱনীয় পৰিৱেশত পৰিণত হৈছিল। স্থানীয় সচেতন ৰাইজ তথা বিভিন্ন দল-সংগঠনে বাৰে বাৰে দাবী জনোৱাৰ ফলত বৰ্তমান প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা হৈছে। নিৰ্মাণৰ এই খবৰে জোনাইবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

স্থানীয় ৰাইজ আৰু ছাত্ৰ সমাজৰ প্ৰধান দাবী যে, এইবাৰ যাতে নিৰ্মাণ কাৰ্য কোনো বাধা অবিহনে দ্ৰুতগতিত সম্পূৰ্ণ কৰা হয়, যাতে অঞ্চলৰ যুৱক-যুৱতীসকলে ঘৰৰ কাষতে কাৰিকৰী শিক্ষা লাভ কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে। নিৰ্মাণকাৰী সংস্থাও এইক্ষেত্ৰত তৎপৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে সৰ্বসাধাৰণে।

জোনাই ITI নিৰ্মাণৰ খবৰ

এই ভিডিঅ'টোৰ জৰিয়তে জোনাইত দীৰঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা ITI প্ৰতিষ্ঠানটোৰ শেহতীয়া অৱস্থা আৰু পুনৰ আৰম্ভ হোৱা নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ খবৰটিতু প্ৰদৰ্শন কৰা হৈছে।