বাৰ্মিংহাম: ইউৰোপীয় এথলেটিকছ চেম্পিয়নশ্বিপত এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ অন্তত সোণৰ পদক নিজৰ নামত খোদিত কৰিলে জাৰ্মানিৰ প্ৰখ্যাত জেভলিন থ্ৰ’ৱাৰ জিলিয়ান ৱেবাৰে (Julian Weber)। বাৰ্মিংহামত অনুষ্ঠিত এই প্ৰতিযোগিতাত নিজৰ অন্তিম তথা শেষ প্ৰয়াসত আকৰ্ষণীয়ভাৱে ৯০.৪০ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি তেওঁ শীৰ্ষস্থান দখল কৰে। এই  প্ৰদৰ্শনেৰে তেওঁ চলিত বৰ্ষত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰা বিশ্বৰ দ্বিতীয়গৰাকী জেভলিন থ্ৰ’ৱাৰ হিচাপে পৰিগণিত হয়।

অন্তিম ৰাউণ্ডৰ জাদুকৰী প্ৰদৰ্শন:
প্ৰতিযোগিতাখনৰ শেষৰ পৰ্যায়লৈকে ৩১ বৰ্ষীয় জিলিয়ান ৱেবাৰ দ্বিতীয় স্থানত আছিল। তেওঁৰ দেশৰে যুৱ প্রতিযোগী নিক থুমে (Nick Thumm) ৮৩.৭৬ মিটাৰ থ্ৰ’ৰে প্ৰথম স্থান দখল কৰি ৱেবাৰক পিছ পেলাই দিছিল। কিন্তু অন্তিম তথা নিৰ্ণায়ক প্ৰয়াসত ৱেবাৰে নিজৰ প্ৰতিভাৰ শ্ৰেষ্ঠ প্ৰমাণ দি ৯০.৪০ মিটাৰ দূৰত্ব লৈ যায়। এই প্ৰচণ্ড প্ৰত্যাৱৰ্তনেৰে তেওঁ কেৱল সোণৰ পদকেই নিশ্চিত নকৰিলে, লগতে ব্ৰিটেইনৰ ষ্টীভ বেকড্ৰে (Steve Backley) ২৮ বছৰ ধৰি অক্ষুণ্ণ ৰখা ৮৯.৭২ মিটাৰৰ পুৰণি চেম্পিয়নশ্বিপ ৰেকৰ্ডো ভংগ কৰে।

নিজৰ প্ৰদৰ্শনত নিজেই আচৰিত ৱেবাৰ:
স্বাভাৱিকতে এই ঐতিহাসিক জয়ৰ পিছত অত্যন্ত উৎসাহিত হৈ পৰে জিলিয়ান ৱেবাৰ। বিজয়ৰ অন্তত তেওঁ কয়, "মই নিজেই মোৰ শেষৰ থ্ৰ’টো দেখি আচৰিত হৈ পৰিছিলো। মই বিশ্বাস কৰিবই পৰা নাছিলো যে মই ইমান দূৰত্বলৈ বেলি পঠিয়াব পাৰিম। আৰম্ভণিতে মোৰ ছন্দ বিচাৰি পোৱাত কিছু সমস্যা হৈছিল, কিন্তু মই জানো যে মই শান্ত হৈ সঠিক প্ৰচেষ্টা চলালে সফল হ’ম।"

প্ৰতিযোগিতাত জাৰ্মানিৰ নিক থুমে ৮৩.৭৬ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৰূপৰ পদক দখল কৰাৰ বিপৰীতে লাটভিয়াৰ পাষ্ট্ৰিকছ গাইলুমছে (Patriks Gailums) ৮২.৯৭ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, এই জয়েৰে ৱেবাৰে ২০২২ চনৰ মিউনিখ ইউৰোপীয় চেম্পিয়নশ্বিপৰ পিছত পুনৰ মহাদেশীয় খিতাপটো নিজৰ দখললৈ ঘূৰাই আনিলে।