বৰপেটা/কলগাছিয়া: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি এনচি গাঁৱত আজিও উন্নয়নৰ এক কৰুণ ছবি প্ৰতিফলিত হৈ আছে। গাঁওখনৰ মৰা বেঁকী নৈৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ বাবে স্থানীয় বাসিন্দাসকলে নিতৌ মৰণত শৰণ দি পাৰাপাৰ হ'বলগীয়া হৈছে।
জনপ্ৰতিনিধি আৰু চৰকাৰৰ উদাসীনতাৰ বাবে অবৰ্ণনীয় দুৰ্দশাত পৰা স্থানীয় ৰাইজে অৱশেষত নিজৰ গাঁঠিৰ ধন ব্যয় কৰি মৰা বেঁকী নৈৰ ওপৰত এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছে। কিন্তু বৰ্তমান সেই সাঁকোখনো অত্যন্ত জৰাজীৰ্ণ হৈ পৰাত যাতায়াতৰ বাবে এখন মৰণফান্দত পৰিণত হৈছে।
নিতৌ পাৰ হয় সহস্ৰাধিক লোক:
এই বিপদসংকুল বাঁহৰ সাঁকোখনেৰেই প্রতিদিনে অঞ্চলটোৰ সহস্ৰাধিক লোক, কণ-কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কৃষক, বৃদ্ধ-বৃদ্ধা আৰু বেপাৰী-বাণিজ্যিক লোকে যাতায়াত কৰিবলগীয়া হয়। বিশেষকৈ বৰষুণৰ দিনত সাঁকোখন পিচল হৈ পৰে আৰু নৈৰ পানীৰ সোঁত বৃদ্ধি পালে পাৰাপাৰ হোৱাটো অত্যন্ত ভয়ংকৰ হৈ উঠে। সৰু দুৰ্ঘটনাৰ উপৰিও যিকোনো মুহূর্ততে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকাই বিৰাজ কৰিছে।
৩০ বছৰীয়া অপেক্ষা আৰু জনপ্ৰতিনিধিৰ প্ৰতাৰণা:
স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত ৩০ টা বছৰে এখন পকী দলঙৰ বাবে তেওঁলোকে জনপ্ৰতিনিধিসকলৰ দ্বাৰে দ্বাৰে ঘূৰিছে। নিৰ্বাচন অহাৰ পূৰ্বে বিভিন্ন দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলে দলং নিৰ্মাণৰ মুখৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত সেই প্ৰতিশ্ৰুতি পাহৰি পেলায়।
এজন স্থানীয় ভুক্তভোগীয়ে জানিবলৈ দিয়ে, "স্কুলীয়া ল'ৰা-ছোৱালীয়ে এই সাঁকোৰে অহা-যোৱা কৰোঁতে প্ৰায়ে অসুবিধাৰ সন্মুখীন হয়। আনকি এখন চাইকেল চলাই পাৰ হৈ যোৱাটোও অসম্ভৱ। ৰাইজে নিজৰ পইচাৰে এই সাঁকোখন সাজি কোনোমতে যাতায়াত চলাই নিছে।"
শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিত বিৰূপ প্ৰভাৱ:
দলং নথকাৰ বাবে কেৱল যাতায়াতে নহয়, অঞ্চলটোৰ শিক্ষা, কৃষি, স্বাস্থ্য সেৱা আৰু দৈনন্দিন অৰ্থনৈতিক ব্যৱস্থাত গুৰুতৰ প্ৰভাৱ পৰিছে। কোনো জৰুৰী কালীন অৱস্থাত ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে।
অতিশীঘ্ৰে দলং নিৰ্মাণৰ দাবী:
অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ ওচৰত দাবী জনাইছে যে মৰা বেঁকী নৈৰ ওপৰত অতিশীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি দিয়ক। যদি বৰ্তমান পকী দলং নিৰ্মাণত পলম হয়, তেন্তে অন্ততঃ জৰুৰীভাৱে এখন মজবুত কাঠৰ দলং সাজি দি ৰাইজৰ যাতায়াত সুৰক্ষিত কৰিবলৈ চৰকাৰক আকুল আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।