কায়্ৰো: উত্তৰ আফ্ৰিকাৰ সংঘাতজৰ্জৰ দেশ লিৱিয়াত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। দেশখনৰ পশ্চিম প্ৰান্তৰ গুৰুত্বপূৰ্ণ তেল নগৰী জাৱিয়াত ড্ৰোন আক্ৰমণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ জুই নুমুৱাবলৈ মঙলবাৰে অগ্নিগনি নিৰ্বাপক বাহিনীয়ে অহোপুৰুষাৰ্থ কৰে। ইফালে, দেশখনৰ পূৰ্বাঞ্চলত সংঘটিত এক কাৰ বোমা বিস্ফোৰণত এজন জ্যেষ্ঠ সেনা বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে।  


ৰাষ্ট্ৰীয় তেল নিগমৰ প্ৰতিবেদন অনুসৰি, ৰাজধানী ত্ৰিপোলীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ পশ্চিমে অৱস্থিত ভূমধ্যসাগৰীয় তীৰৰ জাৱিয়া চহৰৰ শোধনাগাৰত সোমবাৰে এখন ড্ৰোনে আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত পানী বা ইন্ধন সঞ্চয় কৰি ৰখা এটা বৃহৎ গেছোলিন টেংকত ভয়ংকৰ জুই লাগি যায়। দেওবাৰৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণৰ ধাৰাবাহিকতাত মঙলবাৰে পুনৰ ড্ৰোনে চহৰখনৰ বিদ্যুৎ কেন্দ্ৰ আৰু ইন্ধনগাৰত আঘাত হানে। ফলত প্ৰায় ৪৫ লাখ লিটাৰ ইন্ধন কঢ়িওৱা টেংকটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে আৰু নিগমে জাৱিয়া কেন্দ্ৰটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

আনহাতে, একেটা দিনতে দেশখনৰ পূৰ্বাঞ্চলীয় চহৰ বেনঘাটিত এক ভয়ংকৰ কাৰ বোমা বিস্ফোৰণ ঘটে। পূবৰ সশস্ত্ৰ বাহিনীৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী মেজৰ জেনেৰেল ফৌজি আল-মানছুৰী (Major Gen. Fawzy al-Mansouri) এই আক্ৰমণত প্ৰাণ হেৰুৱায়। আল-মানছুৰীৰ বাহনৰ তলত পাতি থোৱা এক বিস্ফোৰক সামগ্ৰী (IED) তেওঁৰ বাসগৃহৰ সমীপত বিষ্ফোৰিত হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী গোটে এই ড্ৰোন আক্ৰমণ বা কাৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ২০১১ চনৰ গৃহযুদ্ধৰ পিছৰে পৰা ৰাজনৈতিক অস্থিৰতা আৰু মিলিশিয়া বাহিনীসমূহৰ সংঘাতত জৰ্জৰিত হৈ থকা লিৱিয়াৰ বাবে এই শেহতীয়া আক্ৰমণসমূহে দেশখনৰ শক্তি খণ্ড আৰু নিৰাপত্তাক লৈ নতুন শংকাৰ সৃষ্টি কৰিছে।